শোণিতপুৰ

উন্নয়ণ ধোৱাঁচাঙতঃ নিমাতী কইনাৰ ৰূপত জনপ্ৰতিনিধি

Asomiya Pratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ জাপৰিগুৰি চিলামাৰী, গোহালীভঙ্গা সংযোগী এটা পথ আৰু এখন দলং নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে প্ৰদান কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী গ্ৰাম ছড়ক যোজনাৰ অধীনত ২০২০ বৰ্ষত আৱন্টিত হোৱা বামগাওঁ পৰা জাপৰিগুৰি চিলামাৰী সংযোগী পথটো নিৰ্মাণ কৰিছিল ঠিকাদাৰ জাভেদে৷ আনহাতে,পথটোতে গোহালী ভঙ্গাত অৱস্থিত এখন আৰ চি চি দলঙসহ দলঙৰ দুয়োপাৰৰ ১০০ মিটাৰ পথ নিৰ্মাণ কৰিছিল গুৱাহাটীৰ ঠিকাদাৰ বিপুলে দাসে৷

কিন্তু নিৰ্মাণৰ সম্পূ্ৰ্ণ হৈ উঠা ৩মাহ নৌহঁওতেই খহি পৰিল দলংখনৰ চাইডবাম৷ তাৰোপৰি চপৰা-চপৰে এৰাবলৈ আৰম্ভ কৰিছে পথৰ ব্লেক টপিং লগতে সৃষ্টি হৈছে বৃহৎ গাঁতৰ। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ঠিকাদাৰ বিপুল দাসে নিৰ্মাণ কৰিছিল দলংখন আৰু ইয়াৰ দুই ফালৰ ‍১০০ মিটাৰ পথ৷ যাৰ ফলতে দলঙ নিৰ্মাণৰ ৩ মাহ নহওতেই দলংখনৰ দুয়োমূৰে সৃষ্টি হৈছে গাঁতৰ।

স্থানীয় ৰাইজে জনোৱা মতে, দলংখনত সৃষ্টি হোৱা গাঁত আৰু পথটোৰ দুৰৱস্থাৰ বাবে পথটোৰে চলাচল কৰা যান-বাহনসমূহ প্ৰায়েই দুৰ্ঘটনাৰ সন্মূখীন হয়। ৩ দিন পূৰ্বেও দলংখনৰ গাঁতত দুৰ্ঘটনাগ্ৰস্ত হৈ দুজন লোক আঁহত হোৱা বুলিও জনাই স্থানীয় ৰাইজে। ইয়াৰোপৰি বাৰিষা কালত নিৰ্মাণকাৰ্য চলোৱা বাবে দলং খনৰ নিৰ্মাণত যঠেষ্ট গাফিলতি হোৱা বুলিও অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

আনহাতে নিৰ্মাণৰ এবছৰ নহওঁতেই ৰাজপথৰ দুৰৱস্থাই উদঙাই দিছে নিৰ্মাণকাৰ্যত হোৱা অনিয়মৰ কথা। বিগত বানত মাত্ৰ অকণমান পানীৰ সোঁতেই পথটোৰ কংক্ৰিতৰ তৰপ উখহাই নিয়া বুলি অভিযোগ তুলিছে ৰাইজে। কিন্তু ইমাণৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ নিম্নমানদণ্ডৰ কাম কৰি সিংহভাগ ধন আত্মসাৎ কৰা ঠিকাদাৰ জাভেদ আৰু বিপুলৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব।