শোণিতপুৰ

চাৰিদুৱাৰত ডাইনী বুলি নিৰ্বসন দিলে দম্পতীক: ঘৰ-দুৱাৰ ভাঙি তহিলং

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত সংঘটিত এক ঘটনাত ডাইনীৰ সন্দেহত এটা পৰিয়ালৰ ওপৰত চলোৱা হয় দলবদ্ধ নিৰ্যাতনৰ ঘটনা ৷ চাৰিদুৱাৰ অসম-অৰুণাচল সীমান্তৰ চটাই নমাইল গাঁৱত ৬০ঊৰ্দ্ধৰ দম্পতী ফিলোৰাম বসুমতাৰী আৰু তেওঁৰ পত্নী চৰাই বসুমতাৰীক ডাইনীৰ অভিযোগ তুলি গাঁৱখনৰ ৰাইজে পৰিয়ালটোৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বাৰীৰ সকলো গছ কাটি তহিলং কৰি গাঁওখনৰ পৰা উচ্ছেদ কৰে ৷

উল্লেখ্য যে,অঞ্চলটোত বিগত ৫ বছৰ পূৰ্বে মাটি ক্ৰয় কৰি বাস কৰা তথা দিন হাজিৰা কৰা ফিলোৰাম বসুমতাৰীক সোমবাৰে পুৱা বশিষ্ঠ বসুমতাৰী নামৰ এজন লোকে ফিলোৰামৰ পত্নীকো এঘৰত বহুৱাই লৈ ৰাইজে ডাইনী বুলি মানি ল’বলৈ হেঁচা দিছিল ৷ পাছত পৰিয়ালটোৰ ঘৰ-দুৱাৰ ধ্বংস কৰি সামগ্ৰীসমূহ পথৰ দাঁতিত থৈ যোৱা লোকসকলে পৰিয়ালটোক গাঁৱখনৰ পৰা খেদি পঠিয়ায়।

তাৰ পৰা আহি দুৰ্ভগীয়া পৰিয়ালটো চাৰিদুৱাৰ আৰক্ষী থানাত উপস্থিত হয়। সম্প্ৰতি পৰিয়ালটোৱে ফিলোৰামৰ ভগ্নীৰ ঘৰত আশ্ৰয় লৈ আছে ৷

উল্লেখযোগ্য যে এনেবোৰ কু-সংস্কাৰপূৰ্ণ কাণ্ড প্ৰতিৰোধৰ বাবে ২০১৮ৰ পৰা ৰাজ্যত বলৱৎ হোৱা ডাইনী হত্যা প্ৰতিৰোধী আইনখনৰ লগতে এনে অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচীৰো কোনো প্ৰভাৱ এই অঞ্চলত পৰা নাই ৷ আনহাতে এনে অন্ধবিশ্বাসৰ আঁৰ লৈ একাংশই সম্পত্তি তথা মাটিবাৰী দখলৰ ষড়যন্ত্ৰ চলাই অহাৰো বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ অহাৰ সময়ত চাৰিদুৱাৰ থানা অন্তৰ্গত অঞ্চলত সংঘটিত ঘটনাটোও এনে ষড়যন্ত্ৰৰে অংশ হিচাপেও সম্প্ৰতি চৰ্চিত হৈছে ৷