বিশ্বনাথত চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ জালিয়াতি কৰা চক্ৰ উৎখাত 
শোণিতপুৰ

বিশ্বনাথত চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ জালিয়াতি কৰা চক্ৰ উৎখাত

Asomiya Pratidin

ডিজিটেল সংবাদ বিহালীঃ অসমৰ চাহ জনগোষ্ঠী/আদিবাসী লোকসকলক অন্যান্য পিছপৰা শ্ৰেণী/অতি পিছপৰা শ্ৰেণীৰ জাতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰি জাতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল। অসম চৰকাৰে এই জনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে জনকল্যাণমূলক বিভিন্ন আচঁনি যেনে- ছাত্ৰ-ছাত্ৰীৰ বৃত্তি, ছাত্ৰ-ছাত্ৰীৰ বাবে চাইকেল প্ৰদান, দক্ষতা বিকাশৰ অনুদান, চিলাই মেচিন প্ৰদান, কৃষি অনুদান আদিৰ উপৰিও স্কুল কলেজৰ লগতে চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহতো আসন সংৰক্ষণৰ ব্যৱস্থা আৰম্ভ কৰিছে।

পৰিতাপৰ বিষয় এয়ে যে, চাহ জনগোষ্ঠী তথা আদিবাসী লোকসকলৰ বাবে এই আচঁনিৰ সুবিধাসমূহ বহু সময় অনা-চাহ জনগোষ্ঠী, অনা-আদিবাসী লোকেও অনিয়মভাৱে ভোগ কৰি আহিছে। সেই পৰিপ্ৰেক্ষিতত বিশেষকৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ বলিষ্ঠ ভূমিকাত এনে অনিয়মৰ বিৰুদ্ধে নিৰবিচ্ছিন্ন প্ৰতিবাদ আৰু আন্দোলনৰ ফলশ্ৰুতিত সমাধানৰ বাট উলিওৱা হয় যদিও চকুত ধূলি মাৰি এচাম দুৰ্নীতিগ্ৰস্ত লোকৰ সহযোগত অনিয়ম হৈ আছে।

অসম চাহ মজদুৰ সংঘ ২০২২ বৰ্ষলৈকে চাহ শ্ৰমিক অথবা প্ৰাক্তন চাহ শ্ৰমিক লোক চিনাক্তকৰণ কৰ্তৃত্বত আছিল। ইয়াৰ ফলশ্ৰুতিকে দুৰ্নীতিগ্ৰস্ত একাংশ বিষয়ববীয়াই অবৈধ ভাৱে ধনৰ বিনিময়ত জাতিৰ প্ৰমাণপত্ৰ অনা-চাহ জনগোষ্ঠী/ অনা-আদিবাসী লোকক দি অহাৰ অভিযোগ আছিল। উল্লেখযোগ্য যে, বিশেষকৈ কাৱঁৰ, কৈৰী, গড়, গোৱালা,কুৰ্মী, মাহাতো, চাহু, তেলী, আদি সম্প্ৰদায়ৰ অনা-চাহ জনগোষ্ঠীৰ বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ একাংশ ‌লোকে চাহ জনগোষ্ঠী লোকসকলৰ লগত উপাধি একে মিলাৰ সুবিধা গ্ৰহণ কৰি অনিয়মভাবে উক্ত প্ৰমাণ পত্ৰৰ সুবিধা গ্ৰহণ কৰি অহা প্ৰমাণিত হৈছে ।

অৱশেষত অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা),অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা,অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী সাহিত্য সভা, ৩৬ অনুসূচীকৰণীয় জনজাতি পৰিষদ আদি সংগঠনৰ উমৈহতীয়া আলোচনা-বিলোচনাৰ‌ অন্তত অসম চৰকাৰে চাহ জনজাতি জাতীয় সন্মিলনী, অসম নামৰ এটি সংস্থা গঠন কৰি চৰকাৰী ভাৱে জাতিৰ প্ৰমাণপত্ৰৰ বাবে চিনাক্তকৰণৰ কৰ্তৃত্ব প্ৰদান কৰে।

বৰ্তমান এই সংস্থাৰ বিভিন্ন জিলা তথা মহকুমা সমিতিসমূহে চিনাক্তকৰণৰ প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰি আছে। ইমানতে জাতিগত প্ৰমাণপত্ৰৰ জালিয়াতি সাম কাটিব বুলি ভৱা হৈছিল যদিও পূৰ্বৰে পৰা চলি অহা আসোঁৱাহ বোৰ নিষ্পত্তি নোহোৱাৰ বাবে বিশেষকৈ বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলি মহকুমাৰ অন্তৰ্গত বহু অনা-চাহ জনগোষ্ঠী /অনা-আদিবাসী লোকে চাহ শ্ৰমিক‌ অথবা প্ৰাক্তন চাহ শ্ৰমিকৰ জাতিগত প্ৰমাণপত্ৰ কিছুমান অসৎ লোকৰ সহযোগত জালিয়াতি কৰাৰ তথ্য পোহৰলৈ আহিছে।

এই ক্ষেত্ৰত বিশ্বনাথ জিলা চাহ জনজাতি জাতীয় সন্মিলনীৰ তত্বাৱধানত কেইবাজনো এনে অনা চাহ জনগোষ্ঠী, অনা আদিবাসী লোকে অনিয়ম ভাৱে লোৱা জাতিগত প্ৰমাণপত্ৰ জব্দ কৰা হৈছে। এনে ভুৱা জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ ক্ষেত্ৰত জড়িত থকা বুলি অ' বি চি এছোচিয়েচনৰ বিশ্বনাথৰ‌ অধ্যক্ষ দিগন্ত কুমাৰ গগৈ আৰু অসম চাহ মজদুৰ সংঘৰ বিশ্বনাথ শাখাৰ সম্পাদক নগেন গোৱালা জড়িত থকাৰ বিষয়ে প্ৰমাণ পোৱা গৈছে।

উল্লেখযোগ্য যে, অসম চাহ মজদুৰ সংঘৰ বিশ্বনাথ শাখাৰ সম্পাদক নগেন গোৱালাই ইমানতে ক্ষান্ত নাথাকি বৰ্তমানৰ বিশ্বনাথ জিলা চাহ জনজাতি জাতীয় সন্মিলনীৰ অধ্যক্ষ পদৰ দায়িত্বত থাকিও কেইবাজনো অনা-চাহ জনগোষ্ঠী/অনা-আদিবাসী লোকক অনিয়ম ভাৱে চাহ শ্ৰমিক বা প্ৰাক্তন চাহ শ্ৰমিক বুলি চিনাক্তকৰণৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছে।

আনহাতেদি চিনাক্তকৰণৰ প্ৰমাণ পত্ৰ বহীৰ পৰাও কেইবাখনো চিনাক্তকৰণৰ পত্ৰ অন্তৰ্ধান হৈছে বুলি জানিব পৰা গৈছে। সেয়েহে পূৰ্বতে কৰি অহা অনিয়মৰ ভিত্তিত উক্ত অন্তৰ্ধান হোৱা চিনাক্তকৰণৰ প্ৰমাণ পত্ৰসমূহ অনা-চাহ জনগোষ্ঠী/অনা-আদিবাসী লোকক অনিয়ম ভাৱে দিয়া বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

বিশেষকৈ বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলি মহকুমাৰ অন্তৰ্গত এনে ভুৱা জাতিগত প্ৰমাণ পত্ৰ দিগন্ত কুমাৰ গগৈয়ে দিয়া বিষয়টো অৱগত কৰি বিশ্বনাথ চাৰিআলি আৰক্ষী বিষয়াক এখন এজাহাৰ দিয়া হৈছে। এই সমগ্ৰ বিষয়টোৰ লগতে বিশ্বনাথ জিলা চাহ জনজাতি জাতীয় সন্মিলনীৰ অধ্যক্ষ নগেন গোৱালাৰ অনিয়মৰ বিৰুদ্ধে ২১ জুলাই, ২০২৪ ত বিশ্বনাথ চাৰিআলিস্থিত উত্তৰ অসম চাহ জনজাতি কলা-কৃষ্টি বিকাশ কেন্দ্ৰত এখনি বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়।

উক্ত সভাত চাহ জনগোষ্ঠীয় সমাজ-সংগঠন সমূহৰ সভাপতি-সম্পাদক, দল-সংগঠন বিষয়ববীয়া, মহিলা সমিতি, আটছাৰ বিষয়ববীয়া,অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়া, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ বিষয়ববীয়া, চাহ জনজাতি জাতীয় সন্মিলনীৰ বিষয়ববীয়া আৰু সমাজকৰ্মীসকলৰ লগতে অ' বি চি ব'ৰ্ডৰ বিশ্বনাথৰ অধ্যক্ষ দিব্যজ্যোতি ভূঞা, অ' বি চি, এছোচিয়েচনৰ অধ্যক্ষ দিগন্ত কুমাৰ গগৈ আৰু বৰ্তমানৰ বিশ্বনাথ শাখা অসম চাহ মজদুৰ সংঘৰ সচিব তথা বিশ্বনাথ চাহ জনজাতি জাতীয় সন্মিলনীৰ অধ্যক্ষ নগেন গোৱালাও উপস্থিত থাকে।

অৱসৰপ্ৰাপ্ত গুৱাহাটী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ড° লিখনেশ্বৰ ঘাটোৱাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত অনা-চাহ জনগোষ্ঠী/অনা-আদিবাসী লোকক অনিয়ম ভাৱে ‌প্ৰদান কৰা জাতিগত প্ৰমাণ পত্ৰ সম্পৰ্কীয় সমস্যাসমূহৰ বিষয়ে আৰু বৰ্তমানৰ বিশ্বনাথ জিলা চাহ জনজাতি জাতীয় সন্মিলনীৰ অধ্যক্ষ নগেন গোৱালাই কৰি অহা জালিয়াতিৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সেই মৰ্মে সভাই দ্বায়িত্ব অৰ্পণ কৰা ড° লিখনেশ্বৰ ঘাটোৱাৰ, গৌতম গোৱালা, ৰমেন ৰাউতীয়া, কৃষ্ণ পাতৰ, নগেন দাস, মাণিকৰাম তাঁতী, শত্ৰুঘ্ন নাগ আৰু কিশোৰ মাহালিয়ে ৩১ জুলাই ২০২৪ ত চাহ জনজাতি জাতীয় সন্মিলনী,অসমৰ কেন্দ্ৰীয় সমিতিৰ অধ্যক্ষ পৃথ্বী মাঝিক গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত সাক্ষাৎ কৰি প্ৰস্তাৱসমূহ প্ৰেৰণ কৰে।

সন্মিলনীৰ‌ অধ্যক্ষ পৃথ্বী মাঝিয়ে তৎকালীন বিহীত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে যদিও কাৰ্যক্ষেত্ৰত বিশ্বনাথ জিলা চাহ জনজাতি জাতীয় সন্মিলনীৰ অধ্যক্ষ তথা অসম চাহ মজদুৰ সংঘৰ বিশ্বনাথ শাখাৰ সম্পাদক নগেন গোৱালা আৰু অ' বি চি এছোচিয়েচন বিশ্বনাথৰ অধ্যক্ষ দিগন্ত কুমাৰ গগৈৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে ই লক্ষণীয় হ'ব।