বিদ্যালয় নালাগে এইসকল মহিলাক লাগে নামঘৰহে... 
শোণিতপুৰ

বিদ্যালয় নালাগে এইসকল মহিলাক লাগে নামঘৰহে...

Asomiya Pratidin

ডিজিটেল সংবাদ তেজপুৰঃ বিদ্যালয় নালাগে, লাগে নামঘৰ। এই দাবী তেজপুৰৰ দৰে চহকী ঐতিহ্যৰে পৰপূৰ্ণ এখন ঠাইৰ মহিলাৰ। তেজপুৰৰ ডেকাৰগাওঁ অঞ্চলৰ পতিয়াচুবুৰী প্ৰাথমিক বিদ্যালয় স্থানান্তৰ অথবা কাষৰীয়া বিদ্যালয়ৰ সৈতে একত্ৰিকৰণৰ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ মহিলাই।

তেওঁলোকৰ এই দাবীৰ কাৰণ হৈছে বিদ্যালয়খনৰ চৌহদতে থকা নামঘৰটোত দেখা দিয়া ঠাইৰ অভাৱ। উল্লেখ্য যে, পতিয়াচুবুৰী প্ৰাথমিক বিদ্যালয়ৰ চৌহদতে আছে এটা নামঘৰ। এই নামঘৰতে ভাদ মাহত নাম প্ৰসংগত অংশগ্ৰহণ কৰে স্থানীয় মহিলাসকলে।

একেদৰে অন্যান্য তিথিৰ সময়ত নামঘৰৰ চৌহদত সমবেত হয় মহিলাসকলৰ লগতে স্থানীয় ৰাইজসকসল। শেহতীয়াকৈ এই নামঘৰটোত একত্ৰিত হোৱা স্থানীয় মহিলাসকলে দাবী উত্থাপন কৰিছে এই নামঘৰটো ডাঙৰ কৰাৰ বাবে কাষতে থকা বিদ্যালয়খন স্থানান্তৰ কৰিব লাগে।

তেওঁলোকৰ মতে নামঘৰটোত মহিলাসকলৰ বহিবলৈ ঠাইৰ অভাৱ হৈছে। সেয়ে নামঘৰটো ডাঙৰ কৰি সকলো মহিলা একেলগে বহিব পৰাকৈ নতুনকৈ নিৰ্মাণ কৰিব লাগে। ইফালে এই বিদ্যালয়খনত পাঠদান চলি থকাৰ সময়তে নামঘৰটোত নাগাৰা, তাল বজাই হৰিনামত মত্ত হৈ আছে এই মহিলাসকল।

যিয়ে বিদ্যালয়ৰ পাঠদানত ব্যাঘাত জন্মোৱাই নহয়, সম্পূৰ্ণৰূপে পাঠগ্ৰহণৰ পৰা শিক্ষাৰ্থীসকলক বঞ্চিত কৰিছে। এই সন্দৰ্ভত নামঘৰত নাম ল'বলৈ অহা এগৰাকী মহিলাই সংবাদ মাধ্যমৰ আগত কয়, তেওঁলোকৰ বাবে এতিয়া নামঘৰহে অধিক প্ৰয়োজন।

সেয়ে নামঘৰটো ডাঙৰ কৰিবৰ বাবে বিদ্যালয়খন স্থানান্তৰ কৰিব লাগে। নামঘৰৰ বাবে বিদ্যালয় স্থানান্তৰৰ এই দাবী উত্থাপন হোৱাৰ লগে লগে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।