শোণিতপুৰ

ধলাইবিলত বিধ্বংসী বনজুই : কথমপি ৰক্ষা পৰিল কেইবাখনো গাঁও

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ ধলাইবিলত শুকুৰবাৰে বিধ্বংসী বনজুইৰ ঘটনা সংঘটিত হয়। অৱশ্যে বনজুই কবলৰ পৰা কেইবাখনো গাঁও কথমপি ৰক্ষা পৰাৰ কথা জানিব পৰা গৈছে জামুগুৰিহাটত।

ধলাইবিলৰ উত্তৰ জামুগুৰি কন্যা বিদ্যালয়ৰ সন্মুখত থকাত কুৰিৰো অধিক মাটিৰে পৰিপূৰ্ণ শংকৰদেৱ সেৱাশ্ৰমৰ চৌহদত আজি বিয়লি ৩-০০ বজাত এক ভয়ংকৰ বনজুইয়ে আগুৰি ধৰে। ৰ'দৰ প্ৰকোপত চৌহতটোৰ বাৰীত পৰিপূৰ্ণ হৈ থকা গছ গছনিৰ পাতবোৰ শুকাই থকাত জুয়ে নিমিষতে বিধ্বংসী ৰূপ লয়।

কেইবাজোপা বাঁহগছৰ গুৰিৰ লগতে চৌহদটোৰ বৃহৎ অংশৰ গছ-বন পুৰি পেলায় । জুই ক্ৰমশঃ সেৱাশ্ৰমৰ কাষতে থকা ধলাইবিল-চামধৰা সংযোগী পথৰ দাঁতিলৈয়ো সম্প্ৰসাৰণ হৈ আহে ।

ইফালে একাংশ সচেতন পথচাৰীয়ে চৌহদটোত জুইয়ে আগুৰি ধৰা প্ৰত্যক্ষ কৰি গাঁও প্ৰধান বিপুল বৰাক অৱগত কৰাৰ লগতে গাঁওৰক্ষী বাহিনীৰ সম্পাদক কামিনী বৰুৱা আৰু বিপুল বৰাই জামুগুৰি আৰক্ষীক অৱগত কৰে । ইয়াৰ পিছতে আৰক্ষীৰ বিশেষ তৎপৰতাত জামুগুৰি অগ্নিনিৰ্বাপক বাহিনী তৎকালে ঘটনাস্থলীত উপস্থিত হৈ বিধ্বংসী বনজুই নুমুৱাবলৈ সক্ষম হয় ।

এই অবাঞ্চিত ঘটনাত চৌহদটোৰ গাতে লাগি থকা কেইবাটাও পৰিয়াল দৈৱক্ৰমে ৰক্ষা পৰে । ইফালে এই ঘটনাৰ সূত্ৰপাত ক'ৰ পৰা হ'ল সেই কথা এতিয়াও পোহৰলৈ অহা নাই যদিও একাংশ লোকে কোনো দুষ্কৃতিকাৰীয়ে চৌহদত শুকাই থকা গছ পাতত কৌশলৰে অগ্নি সংযোগ কৰে বুলি আশংকা প্ৰকাশ কৰে।

গুৰুত্বপূৰ্ণ কথা যে এই চৌহদটোৰ গাতে লাগি আছে কেইবাখনো গাঁও। ঘটনাটো দিনৰ ভাগত নঘটি নিশাৰ ভাগত সংঘটিত হ'লে সেৱাশ্ৰমৰ লগতে নিকটৱৰ্তী কেইবাখনো গাঁও বনজুইয়ে নিঃশেষ কৰিলেহেতেঁন বুলিও স্থানীয় লোকে মন্তব্য কৰে । জানিব পৰা মতে ঘটনাতো কেনেকৈ সংঘটিত হ'ল সেই তথ্য লাভৰ বাবে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।