শোণিতপুৰ

শোণিতপুৰত ড্ৰাগছ আৰু নকল সোনৰ নাওঁ জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষীৰ বৃহৎ সাফল্য। চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত অকাবস্তী বঙালী গাঁৱত অভিযান চলায় ৭৩ টা ড্ৰাগছ ভৰ্তী কন্টেইনাৰ আৰু চাবোনৰ বাকচৰ ভিতৰত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলে।

জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য ১০ লক্ষাধিক টকাৰ হ'ব বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে। আৰক্ষীয়ে লগতে এখন সোনৰ নকল নাওঁ জব্দ কৰে। ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে ৰুস্তম আলি, ফিৰোজ খান, বসু বৰাইক আৰু ৰেহেনা খাটুন নামৰ এগৰাকী মহিলাক আটক কৰে।

এক গোপন সুত্ৰৰ পম খেদি চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ভৰালীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ৰেহেনা খাটুন নামৰ মহিলাগৰাকীৰ ঘৰত অভিযান চলাই উক্ত ড্ৰাগছখিনি জব্দ কৰাৰ লগতে নকল সোনৰ নাওঁখন জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমানেও এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে।