শোণিতপুৰ

মংগলবৰীয়াত শ্ৰীশ্ৰী দুৰ্গা পূজাৰ স্বৰ্ণ জয়ন্তীত ভাগৱত মহাপুৰাণ জ্ঞান মহাযজ্ঞ

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ মংগলবৰীয়া খেলপথাৰত ১৫ অক্টোবৰৰ পৰা আৰম্ভ হৈছে শ্ৰীশ্ৰী দুৰ্গা পূজাৰ স্বৰ্ণ জয়ন্তী মহোৎসৱ। শুকুৰবাৰে ষষ্ঠীৰ দিনা আৰম্ভ হৈছে শ্ৰীশ্ৰী মদ দেৱী ভাগৱত মহাপুৰাণ জ্ঞান মহাযজ্ঞ ৷

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অংশগ্ৰহণ কৰে। বিধায়ক হাজৰিকাই ভক্তপ্ৰাণ ৰাইজ আই-মাতৃসকলৰ সৈতে হৰিনাম ধ্বনিত ভাগ লয়। বিধায়কগৰাকীক সংগ দিয়ে উদযাপন সমিতিৰ সভাপতি ধনপতি কাফলে,দিপক নেৱাৰ আৰুবিশিষ্ট সমাজকৰ্মী প্ৰবীন দাসে ৷