শোণিতপুৰ

বিশ্বনাথত ই ভি এম লৈ ৰাজপথত ওলাল নিৰ্বাচনী বিভাগ

Asomiya Pratidin

ডিজিটেল সংবাদ,বিশ্বনাথ : সমগ্ৰ দেশজুৰি ই ভি এমক লৈ বিতৰ্ক সৃষ্টি হোৱাৰ মাজতে মঙলবাৰে বিশ্বনাথ জিলা প্ৰশাসনৰ নিৰ্বাচন বিভাগে ই ভি এমক লৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। কাৰ্যতঃ আজি ই ভি এম লৈ ৰাজ পথত ওলাবলৈ বাধ্য হৈছে নিৰ্বাচনী বিভাগ।

ই ভি এমৰ গ্ৰহণ যোগ্যতা আৰু কাৰ্যকাৰীতা সম্পৰ্কে সঘনেই প্ৰশ্ন উত্থাপন হৈ থকাৰ সমান্তৰালকৈ বিশ্বনাথৰ নিৰ্বাচনী বিভাগে ৰাজপথত ই ভি এম প্ৰদৰ্শন কৰি জনতাক সজাক কৰাৰ প্ৰচেষ্টা চলাইছে। এই অভিযানৰ লক্ষ্য হৈছে ই ভি এম সম্পৰ্কত জনতাৰ মাজত থকা ভ্ৰান্তি আতৰোৱা।

তদুপৰি এই সচেতনতাৰ জৰিয়তে জনতাক আচস্ত কৰিবলৈ বিচাৰিছে নিৰ্বাচনী বিভাগে। সম্প্ৰতি ই ভি এমৰ ভোটগ্ৰহণক লৈ এক বিতৰ্কৰ সূত্ৰপাত ঘটিছে। তদুপৰি ই ভি এমক কোনো ৰাজনৈতিক দলে হাথিয়াৰৰূপে ব্যবহাৰ কৰাৰো অভিযোগ উঠিছে।তেনে প্ৰেক্ষাপটত নিৰ্বাচনী বিভাগৰ ই ভি এমকেন্দ্ৰিক সজাগতাই ভোটাৰক কি ধৰণে প্ৰভাবিত কৰিব পাৰে,সেইয়া লক্ষ্যণীয় হ'ব।