জামুগুৰিহাটৰ দক্ষিণাঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱঃ ক্ৰমাৎ বৃদ্ধি হাতী মানুহৰ সংঘাত 
শোণিতপুৰ

জামুগুৰিহাটৰ দক্ষিণাঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱঃ ক্ৰমাৎ বৃদ্ধি হাতী মানুহৰ সংঘাত

Asomiya Pratidin

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ দক্ষিণাঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। অঞ্চলটোৰ পানপুৰত সৰিয়হ,আলু,ধানখেতি তহিলং কৰিছে বন্যহস্তীয়ে। পানপুৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই অহি জনাঞ্চলত প্ৰৱেশ কৰা ৮ ৰ পৰা ৯ টা বনৰীয়া হাতীৰ জাকে তহিলং কৰিছে এইদৰে খেতি পথাৰ।

বৃহত্তৰ অঞ্চলটোত ক্ৰমান্বয়ে হাতী মানুহৰ সংঘাট বৃদ্ধি পোৱাৰ উপক্ৰম হৈছে৷ বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰি হাতীৰ জাকক জনাঞ্চলৰ পৰা খেদি পথোৱাৰ ক্ষেত্ৰত বনবিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও বৰ্তমানলৈকে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাটোহে পৰিলক্ষিত হৈছে।

অঞ্চলটোত থকা ডিপলোঙা বনাঞ্চলিক কাৰ্য্যলয়ৰ বন বিষয়া আৰু বনকৰ্মীসকলে কৃষক ৰাইজক সুৰক্ষা প্ৰদানৰ স্বাৰ্থত বনৰীয়া হাতী প্ৰতিৰোধৰ ব্যৱস্হা গ্ৰহণ কৰাৰ পৰিবৰ্তে কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ থকা বুলিহে ৰাইজে অভিযোগ কৰিছে৷