শোণিতপুৰ

জামুগুৰিহাটত নকল টকাৰ পিছত এইবাৰ জব্দ নকল সোণ; আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটত নকল সোণসহ আটক এজন। জাল নোটৰ পিছত এইবাৰ জামুগুৰিহাটত জব্দ কৰা হৈছে নকল সোণ। লগতে আটক কৰা হৈছে নকল সোণৰ ব্যৱসায়ীক।

আটকাধীন ব্যৱসায়ীজন হ'ল কাছেম আলী। জামুগুৰিহাটৰ ভৰলীচাপৰিৰ পৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে উক্ত সোণৰ নাও। উল্লেখ্য সোণৰ নাওখনৰ ওজন ১ কেজি ৯ শ ৬০ গ্ৰাম ৷ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ বিষয়েৰে জড়িত নকল সোণৰ কথা উত্থাপন হোৱাৰ পিছতে উত্তৰ অসমৰ জামুগুৰিহাটতো তৎপৰ হৈ পৰিছে আৰক্ষী।