শোণিতপুৰ

জামুগুৰিহাটৰ অৱসৰী প্ৰধান শিক্ষক মিন্টু কটকীক বিদায় সম্বৰ্দ্ধনা

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ খেৰবাৰীস্থিত ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ সদ্যঅৱসৰী প্ৰধান শিক্ষক মিন্টু কটকীক বিদায় সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে মঙলবাৰে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে এক গাম্ভীৰ্যপূৰ্ণ বিদায় সমাৰোহৰ আয়োজন কৰে। বিগত ৩০ বছৰৰো অধিক কাল ধৰি বিদ্যালয়খনত সততা আৰু নিষ্ঠাৰে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত থাকি প্ৰায় দুবছৰ পূৰ্বে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহন কৰিছিল।

যি নেকি এগৰাকী দায়িত্বশীল প্ৰধান শিক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈ বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছিল ৷ নিজৰ কৰ্মস্থলী ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় খনৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত প্ৰধান শিক্ষক হিচাপে অহৰহ চেষ্টা চলাই এক সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ়ি তুলিছিল।

অতি মৃদু আৰু নম্ৰতাৰে সদায় নীতি-নিয়মসমূহ পালন কৰি এগৰাকী আদৰ্শৱান শিক্ষকৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা অৱসৰী কৃতি শিক্ষক মিন্টু কটকীৰ আজি বিদায় অনুষ্ঠানটিত অংশগ্ৰহণ কৰি সকলোৱে অশ্ৰুসিক্ত নয়নৰে বিদায় জনায়। উপস্থিত সকলোৱে আড়ম্বৰপূৰ্ণভাৱে ফুলাম গামোছা, জাপি, সম্বৰ্ধনা পত্ৰ, কলম আদিৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।

বিদ্যালয়খনৰ প্ৰাক্তন অভিভাৱক সমিতিৰ সভাপতি পদুম শইকীয়াই পৌৰহিত্যত অনুষ্ঠিত গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে বিদ্যালয়ৰ শিক্ষক নাৰায়ন শৰ্মাই৷ সহকাৰী শিক্ষক মহেন্দ্ৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা,অৱসৰপ্ৰাপ্ত শিক্ষক মিন্টু নাথ, দিগন্ত ভুঞা, বাণীকান্ত দাস আৰু অজিত শইকীয়াই অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকগৰাকীৰ কৰ্ম্মময় জীৱন সম্পৰ্কে আলোকপাত কৰে ৷ বক্তাসকলে মিন্টু কটকী এগৰাকী আদৰ্শৱান, কৃতি শিক্ষক,সুপ্ৰশাসক আছিল বুলিও উল্লেখ কৰে । এই বিদায় সমাৰোহত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ গীত নৃত্য আদিও পৰিৱেশন কৰা হয়।