শোণিতপুৰ

দুৰাৰোগ্য ৰোগত আক্ৰান্ত পিতৃ ! চিকিৎসাৰ বাবে সহায় বিচাৰিছে তিনি কন্যাই

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : এটি দৰিদ্ৰ পৰিয়ালৰ ৩গৰাকী কিশোৰীয়ে দুৰাৰোগ্য ৰোগত আক্ৰন্ত পিতৃৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসী ৰাইজৰ ওচৰত সহায় ভিক্ষা মাগিছে ৷ জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান ৩গৰাকীয়ে পিতৃৰ অসুস্থতাৰ বাবেই ৰাইজৰ লগতে মুখ্যমন্ত্ৰীৰ সহায় ভিক্ষা বিচাৰিছে।

জানিবলৈ দিয়া মতে পৰিয়ালটোৰ একমাত্ৰ ভৰষা এই সন্তানকেইটাৰ পিতৃ তথা সাংস্কৃতিবান কৰ্মী ভূপেন শইকীয়া। শইকীয়া বিগত বহুমাহ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছে ৷ সাঁচতিয়া কিঞ্চিত ধন কেইটাও চিকিৎসাৰ নামত খৰছ কৰি এতিয়া পৰিয়ালটি সন্মুখীন হৈছে তীব্ৰ আৰ্থিক সংকটত ৷

বৰ্তমানেও গুৱাহাটীত চিকিৎসাধীন অৱস্থাত থকা পিতৃ সুস্থ হৈ উঠিব বুলিয়েই আশা আৰু প্ৰাৰ্থনা কৰি সন্তানকেইটিও যেন বুজি উঠিছে পৰিয়ালটোৰ আৰ্থিক অভাৱ- অভিযোগ, কষ্ট আদি ৷ যাৰবাবে নিজ বাসগৃহত আইতাকৰ সৈতে দিন অতিবাহিত কৰা সন্তানকেইটিয়ে চিকিৎসাৰ বাবে সামাজিক মাধ্যমত সহায় ভিক্ষা খুজিছে।

সাংস্কৃতিক কৰ্মীগৰাকীৰ চিকিৎসাৰ বাবে কোনো সদাশয় লোকে যদি সহায় কৰিব বিচাৰে তেন্তে ভাৰতীয় ষ্টেট বেংকত প্লাবিতা শইকীয়াৰ নামত থকা 36497708340 একাউন্ট নম্বৰ IFSC Code: SBIN 0017210 নম্বৰত সহায় কৰিব পাৰিব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷