শোণিতপুৰ

টুপিয়া মিনি ষ্টেডিয়ামত নৈশ ফুটবল প্ৰতিযোগিতা : কোৱাৰ্টাৰ ফাইনেলত বিজয়ী ওদালগুৰি ইউনাইটেড ক্লাৱ

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ টুপিয়া পাঁচগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত চিদানন্দ বৰা আৰু অৱনীপ্ৰসাদ বৰা সোঁৱৰণী ৰাজ্যিক পৰ্য্যায়ৰ প্ৰাইজমানী নৈশ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল সোমবাৰে সন্ধিয়া ৬ বজাৰ পৰা টুপিয়া মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয় ৷ এই খেলখন ওদালগুৰি ইউনাইটেড ক্লাৱ ফুটবল দল আৰু বিশ্বনাথ চাৰিআলিৰ মোনাবাৰী চাহবাগিছা ফুটবল দলৰ মাজত অনুষ্ঠিত হয়।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত ওদালগুৰি ইউনাইটেড ক্লাৱ ফুটবল দলে ৩-২ গলৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে ৷ ইয়াৰ পিচত ২২, ২৩ আৰু ২৪ অক্টোবৰত ধাৰবাহিকভাৱে অনুষ্ঠিত হ’ব লগা কোৱাৰটাৰ ফাইনেল খেলসমূহৰ আজি নিশাৰ দ্বিতীয়খন খেলত প্ৰতিদ্বন্দ্বিতা কৰিব বিদেশী খেলুৱৈ সম্বৃদ্ধ মৰিগাঁৱৰ জালুগুটি ফুটৱল ক্লাব আৰু অসম পুলিচ কামাণ্ডো বেটেলিয়ন ফুটবল দলে ৷

এই খেলখন উপভোগ কৰিবলৈ ফুটবল প্ৰেমী ৰাইজৰ প্ৰতি আহ্ৱান জনাইছে টুপিয়া পাঁচগাঁও ক্ৰীড়া সন্থাৰ বিষয়ববীয়া তথা সদস্যসকলে ৷