শোণিতপুৰ

চতিয়াৰ বালিজুৰিত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : চতিয়াৰ বালিজুৰি অঞ্চলৰ ১ নং জয়সিদ্ধিত বৃহস্পতিবাৰে ভিচন স্প্ৰিং ফাউণ্ডেচনৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷ বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি তথা মানৱদৰদী ব্যক্তি ডা° ৰঞ্জন গগৈৰ বিশেষ তৎপৰতাত বিশ্বনাথ সমষ্টিৰ পিছপৰা অঞ্চলসমূহত দৰিদ্ৰ ৰাইজৰ সুবিধাৰ্থে অৰ্দ্ধ শতাধিক বিনামূলীয়া চকু শিবিৰ অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আয়োজিন কৰা হয় এই বিনামূলীয়া চকু চিকিৎসা শিবিৰ।

এই শিবিৰসমূহৰ ভিতৰত আজি ১ নং জয়সিদ্ধি প্ৰাথমিক বিদ্যালয়ত আয়োজিত শিবিৰত অঞ্চলটোৰ দৰিদ্ৰ তথা চকু ৰোগত আক্ৰান্ত লোক সকলক বিনামুলীয়াকৈ চকু চিকিৎসা সেৱা প্ৰদান কৰা হয় ৷ উক্ত বিনামূলীয়া চকু শিবিৰত অসম অৰুনাচল সীমান্তৱৰ্তী অতি পিচপৰা অঞ্চলটোৰ শতাধিক পুৰুষ মহিলাই চকু ৰোগৰ চিকিৎসা সেৱা গ্ৰহণ কৰে ৷

শিবিৰত ৰোগীসকলৰ চকু পৰীক্ষা কৰি বিনামূলীয়াকৈ প্ৰয়োজনীয় চশমা প্ৰদান কৰা হয়। বিনামূলীয়া চকু চিকিৎসা শিবিৰ পৰিচালনাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াই বিশিষ্ট সমাজকৰ্মী নিবাৰণ বৰাই ।