শোণিতপুৰ

যুৱতীৰ ডিঙিৰ পৰা থপিয়াই নিলে সোণৰ চেইন

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ পাতলতচুক গাঁৱৰ এগৰাকী যুৱতীৰ ডিঙিৰ পৰা সোমবাৰে বিয়লি দিনৰ পোহৰতে চিলনী চোৰে এডাল সোণৰ চেইন থপিয়াই নিয়ে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে।

জানিব পৰে মতে গাঁওখনৰ অৰূপ কাকতিৰ কন্যা তথা স্নাতক প্ৰথম ষন্মাসিকৰ ছাত্ৰীগৰাকীয়ে বৰগীতৰ প্ৰশিক্ষণ লৈ ঘৰলৈ উভতি অহাৰ সময়তে মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে ছাত্ৰীগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইনডাল থপিয়াই লৈ উধাও হয়। তৎমুহূৰ্ততে যুৱতীগৰাকীয়ে এই অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হোৱাত হতভম্ব হৈ পৰে আৰু ঘৰলৈ গৈ পিতৃমাতৃৰ লগতে পৰিয়ালৰ অনান্য লোকসকলক ঘটনা সন্দৰ্ভত বিৱৰি কয়।

যুৱতীগৰাকীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে জামুগুৰি আৰক্ষীক অৱগত কৰিছে। জামুগুৰিহাটৰ ঐতিহ্যবহন কৰা বোকাখচা ভাওনাৰ স্থলী পাতলৰচুক গাঁৱত এইদৰে দিনৰ পোহৰতে এগৰাকী যুৱতীৰ ডিঙিৰ পৰা চিলনী চোৰে সোণৰ চেইন থপিয়াই নিয়া অবাঞ্চিত ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে।