শোণিতপুৰ

সুদূৰ মহাৰাষ্ট্ৰতো গুঞ্জৰিত হ'ল হৰিনামৰ ধ্বনি

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : ৰাজ্যৰ চৌপাশে ভাদমাহৰ উচাহ। পৱিত্ৰ ভাদমাহ উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছে সত্ৰ-নামঘৰসমূহ।

হৰি নামৰে ৰজনজনাইছে অসমৰ পৰিবেশ। একেই পৰিবেশ দেখিবলৈ পোৱা গৈছে বহি:ৰাজ্যতো। গুৰুজনাৰ এই পৱিত্ৰ সৃষ্টি জীপাল কৰি ৰখাৰ মানসৰে মহাৰাষ্ট্ৰৰ পুনেত পালন কৰিছে পৱিত্ৰ ভাদমাহ।

পুনেৰ লুইত অসমীয়া ছচাইটিৰ উদ্যোগত পালন কৰা হৈছে পৱিত্ৰ ভাদমাহ। বহি:ৰাজ্যত বসবাস কৰা লোকসকলে পালন কৰি আহিছে গুৰুজনাৰ এই অমৰ সৃষ্টিক।