শোণিতপুৰ

তীব্ৰ খৰাঙে দহিছে উত্তৰ অসম...

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ তীব্ৰ খৰাঙে এতিয়া বিপদ মাতিছে কৃষকলৈ।বৰষুণৰ অভাৱত এতিয়া শুকাই গৈছে কৃষকৰ বিভিন্ন খেতি। জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তৰ কৃষক ৰাইজৰ ক্ষুদ্ৰ চাহখেতি, মৰাপাট খেতিৰ লগতে বিভিন্ন ৰবি শস্যৰ খেতি তথা শাক পাচলিৰ খেতিসমূহ পানীৰ অভাৱত শুকাবলৈ ধৰাত মূৰে-কপালে হাত দিছে খেতিয়কসকলে।

খৰাঙৰ বাবেই এইদৰে এতিয়া জামুগুৰিহাটৰ বহু খেতিয়কৰ বিঘাই বিঘাই মৰাপাটৰ খেতিৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহ গছৰ কোমল পাত শুকাই যোৱাত চিন্তিত হৈ পৰিছে ৷ বিশেষকৈ জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ টুপিয়া, বেটগুৰি, মৰিসুতি, বৰদিকৰাই আদি গাঁৱসমূহত সমস্যাই দেখা দিছে।

উক্ত অঞ্চলৰ ক্ষুদ্ৰ চাহখেতিৰ জৰিয়তে স্বনিৰ্ভৰশীল হোৱা কৃষকৰ লগতে ইয়াৰ লগত জড়িত শ্ৰমিকসকলেও পাত চিঙা কামৰ পৰা বঞ্চিত হৈ থাকি দুবেলা দুমুঠি ভাতৰ বাবে চিন্তিত হৈ পৰিছে। মূৰৰ ঘামত মাটিত পেলাই জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ চকীঘাট, ভৰলী চাপৰি, গোৱাল গাঁও, কোৱামৰাকে ধৰি বহু গাঁৱৰ খেতিয়কে কৰা বিঘাই বিঘাই মৰাপাটৰ খেতি খৰাঙৰ কবলত শুকাই মৰহি গৈছে।

খৰাঙৰ কবলত পৰি শুকাই যোৱা মৰাপটৰ গছসমূহ এতিয়া উঠাই পেলাইছে খেতিয়কসকলে। মৰাপাটৰ খেতিকেই জীৱন জীৱিকাৰ উৎস হিচাপে বাছি লোৱা এইসকল কৃষকৰ দুৰৱস্থাৰ সময়ত ৰাজ্যৰ কৃষি বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া এতিয়া লক্ষণীয় হ'ব ৷