শোণিতপুৰ

বালিপৰাৰ মানশিৰিত আমছুৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : বালিপৰাৰ মানশিৰি আঞ্চলিক আমছুৰ উদ্যোগত বৃহস্পতিবাৰে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বাইক ৰেলী উলিওৱা হয় ৷

এই বাইক ৰেলীত অংশগ্ৰহণ কৰি জামুগুৰিহাটৰ মৰিসুতিৰ উদ্যমী যুৱক মতলিপ আলিয়ে দুঃসাহসিক ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰি সকলো শ্ৰেণীৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হয় ৷ এখন বাইকত একেলগে ২৬ জনকৈ যুৱকক বহুৱাই মতলিপ আলিয়ে মানশিৰিৰ পৰা ন’পামলৈকে ১০ কি:মি পথ বাইক চলাই গৈ সকলোকে স্তম্ভিত কৰি তোলে ৷

উল্লেখ্য যে প্ৰতিভাৱান যুৱক মতলিপ আলিয়ে বিগত সময়ছোৱাতো অনুৰূপ ধৰণে বাইকত ১৫ পৰা ২৫ জন কৈ যুৱকক বহুৱাই লৈ বাইক চলাই দুঃসাহসিক ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰিছিল। লগতে তেঁওৰ এই ক্ৰীড়া প্ৰতিভাৰ স্বাক্ষৰ হিচাপে 'অসম প্ৰতিভা বঁটা'ৰে সন্মানিত কৰা হৈছিল ৷