ভৰিৰেই লিখি উত্তীৰ্ণ হ'ল উচ্চতৰ মাধ্যমিকঃ অৰ্থৰ অভাৱত বঞ্চিত উচ্চ শিক্ষাৰ পৰা, মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিলে সাহয়... 
শোণিতপুৰ

ভৰিৰেই লিখি উত্তীৰ্ণ হ'ল উচ্চতৰ মাধ্যমিকঃ অৰ্থৰ অভাৱত বঞ্চিত উচ্চ শিক্ষাৰ পৰা, মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিলে সাহয়...

Asomiya Pratidin

ডিজিটেল সংবাদ জামুগুৰিহাটঃ বিশেষ ভাৱে সক্ষম, প্ৰতিভাৱান হোৱাৰ উপৰিও মানসিক ভাৱে সবল, দৃঢ মনৰ অধিকাৰী হলেও আৰ্থিক দুৰ্বলতাৰ বাবেই স্হবিৰ হয় জীৱন ৷ কিন্তু মানসিক প্ৰফুল্লতাই মানুহক উৎফুল্লিত কৰি ৰাখে আৰু এই উৎফুল্লতাই জীৱনৰ মহৌষধ স্বৰূপ।

জীৱন যুঁজত হাৰ নামানি মানসিকভাৱে শক্তিশালী আৰু দৃঢ় মনৰ অধিকাৰী হৈ আগবঢ়া মানেই জীৱন যুজঁত জয়ী হোৱা । তেনে এগৰাকী যুৱতী হৈছে ৰেণুকা ৰায়।জামুগুৰিহাটৰ বালিজুৰি ভানুপুৰ গাঁৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা থুলে ৰায় আৰু ঘন মায়া ৰায়ৰ একমাত্ৰ জীয়ৰী ৰেণুকা ৰায়।

বিশেষভাৱে সক্ষম এইগৰাকী যুৱতীয়ে নিজৰ ইচ্ছা শক্তি, দৃঢ মন, আৰু মানসিকভাৱে সবল হোৱাৰ বাবেই জীৱন যুজঁত জয়ী হৈছে ৷ ১৯৯৫ চনত জন্মগ্ৰহণ কৰা এইগৰাকী ।যুৱতীয়ে ভৰিৰেই লিখি হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ন হোৱাৰ পাছত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো উত্তীৰ্ণ হৈছিল এইগৰাকী দূৰ্ভগীয়া ৰেণুকাই৷

কিন্তু পিছত আৰ্থিক দুৰ্বলতাৰ বাবেই উচ্ছ শিক্ষাৰ পৰা বঞ্চিত হৈ বৰ্তমান নিজ গৃহতেই বন্দীৰ দৰে জীৱন অতিবাহিত কৰিব লগীয়া হৈছে। কেৱল আৰ্থিক দৈন্যতাৰ বাবেই প্ৰবল হেঁপাহ থকাৰ পাছতো উচ্ছ শিক্ষাৰ পৰা বঞ্চিত এইগৰাকী যুৱতী ৰেণুকা ৰায়ে পিতৃৰ সামান্য উপাৰ্জনৰ বাবেই জীৱন যুঁজত থমকি ৰ'বলগীয়া হৈছে ।

বিশেষভাৱে সক্ষম যুৱতীগৰাকীৰ হৈ দুৰ্ভগীয়া পিতৃ থুলে ৰায়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সহায় ভিক্ষা কৰিছে৷ একমাত্ৰ জীয়ৰীক কিবা এটা সৰুকৈ হ'লেও সংস্থাপনৰ বাট মুকলি কৰি দিয়াৰ আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃয়ে।