শোণিতপুৰ

নিশা জামুগুৰিহাটত ৰৈ থকা বাহনত খুন্দা বিলাসী বাহনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নিশা জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। বসুন্ধৰা গেছ এজেঞ্চিৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা ৷ জানিব পৰা অনুসৰি ৰৈ থকা ট্ৰাকত এখন চাৰিচকীয়া বাহনে খুন্দা মৰাত সংঘটিত হয় দুৰ্ঘটনাটো৷

উল্লেখ্য তেজপুৰৰ পৰা জামুগুৰিহাটৰ দিশে গৈছিল চাৰিচকীয়া ব্ৰীজা বাহনখন। বাহনখনত আছিল দুগৰাকী আৰোহী । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ব্ৰীজা বাহনখনৰ চালকসহ আনগৰাকীলোক ৷

দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে এ এছ-১২-ও এফ-৮৫০০, আনহাতে ৰৈ থকা ট্ৰাকখনৰ নম্বৰ এ এছ-১২-এ চি-০৮৭৫। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত দুয়োগৰাকীকে ধলাইবিলস্থিত উত্তৰ জামুগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷