শোণিতপুৰ

উত্তৰ জামুগুৰিহাটত অহোৰাত্ৰি হৰি কীৰ্তন সমাৰোহৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বালিজুৰি ভানুপুৰ শিৱমন্দিৰ প্ৰাংগনত উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্তন সমিতিৰ উদ্যোগত ২২, ২৩ আৰু ২৪ নবেম্বৰত ৩ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অহোৰাত্ৰি অখণ্ড হৰি কীৰ্তনৰ আয়োজন কৰা হৈছে।

ইতিমধ্যে অখণ্ড কীৰ্তনৰ কাম ৯০% সম্পূৰ্ণ হৈ উঠিছে । উদ্যোক্তা সকলে সকলো শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।