শোণিতপুৰ

জামুগুৰিহাটৰ বালিজুৰীত ৩দিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ্ভাগৱত মহাযজ্ঞ

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বালিজুৰীত ৩দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শ্ৰীমদ্ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞ সমাৰোহ অনুষ্ঠিত কৰা হয়। বালিজুৰী অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী তথা উমানাথ ভণ্ডাৰী পৰিয়ালবৰ্গৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠানৰ মূল প্ৰবচক হ'ল পণ্ডিত ভাস্কৰ ভণ্ডাৰী।

তেওঁ ভাগৱতৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে শ্ৰীমদ্ভাগৱত কেৱল এটি ধৰ্মীয় গ্ৰন্থই নহয় ই হ'ল ভাৰতীয় সমাজ-সংস্কৃতি, জীৱন দৰ্শনৰ প্ৰতিভূ স্বৰূপ বুলি মন্তব্য কৰি সাংস্কৃতিক অনুষ্ঠান আদিয়ে মানুহৰ মাজত একতা আৰু ভাতৃত্বৰ বান্ধোন টনকিয়াল কৰে বুলি ব্যক্ত কৰে ৷ উল্লেখ্য যে অনুষ্ঠানৰ কাৰ্যসূচীসমূহৰ ভিতৰত আকৰ্ষণীয় অনুষ্ঠান হিচাবে এক লাখ বন্তি প্ৰজ্বলনো ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণত সম্পন্ন হয় ।