শোণিতপুৰ

'আমাক বিনামূলীয়া খাদ্য-সাজপাৰ নালাগে,পঢ়িবলৈ কিতাপ দিয়ক'- মুখ্যমন্ত্ৰীলৈ এখন বিদ্যালয়ৰ শিক্ষাৰ্থী অনুৰোধ

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ 'আমাক বিদ্যালয়ৰ খাদ্য নালাগে, বিনামূলীয়া চৰকাৰী সাজ-পাৰো আমাক নালাগে, কেৱল আমাক পঢ়িবলৈ কিতাপ দিয়ক। আমাক এতিয়া কেৱল কিতাপ লাগে।' মুখ্যমন্ত্ৰীলৈ এইদৰে কাতৰ অনুৰোধ জনালে কলিয়াবৰৰ এখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে।

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বামুণী মধ্য ইংৰাজী বালিকা বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সংবাদ মাধ্যমৰ আগত পঢ়িবলৈ কিতাপ লাগে বুলি কাতৰ অনুৰোধ জনোৱা কথাই বৰ্তমান সময়ত বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে, ১৯৯৭ চনতে স্থাপিত বিদ্যালয়খনত বৰ্তমান প্ৰায় ডেৰ শ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে। স্থানীয় ৰাইজৰ লগতে দ্যা আসাম ব্ৰাঞ্চ অৱ ইণ্ডিয়া টি এচ'ছিয়েচনৰ দান-বৰঙনিৰে স্থাপন কৰা এই বিদ্যালয়খনে বিগত ২৭ বছৰ ধৰি চাহ বাগিছা অধ্যুষিত অঞ্চলত শিক্ষাৰ পোহৰ বিলায় আছে যদিও আজি পৰ্যন্ত চৰকাৰীকৰণ নোহোৱাতো অতিশয় দুৰ্ভাগ্যজনক।

যাৰ বাবে মধ্যাহ্ন ভোজন, বিনামূলীয়া সাজ-পাৰ আৰু বিনামূলীয়া পাঠ্যপুথি লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে এই সকল শিক্ষাৰ্থী। শিক্ষাৰ অধিকাৰেই নহয়, বেটি বচাও -বেটি পঢ়াও শ্লোগানো অসাৰ প্ৰতিপন্ন হৈছে এইখন শিক্ষানুষ্ঠানত। নিৰ্বাচনৰ সময়ত চাহ বাগিচা অধ্যুষিত বামুণী অঞ্চলত ৰাজনৈতিক দলসমূহে ভোট বিচাৰি তেওঁলোকৰ ভোটৰে জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ আহিছে যদিও বিদ্যালয়খনিৰ সমস্যালৈ কোনো দিনে কাণষাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।

যি সময়ত শিক্ষাৰ্থীৰ অভাৱত ৰাজ্য চৰকাৰে এখনৰ পাছত এখন চৰকাৰী বিদ্যালয় বন্ধ কৰিবলৈ বাধ্য হৈছে তেনে সময়তে অতিকৈ পিছ পৰা চাহ বাগিছা অধ্যুষিত অঞ্চলৰ এইখন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বছৰি প্ৰদৰ্শন কৰা সন্তোষজনক ফলাফলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে।