লটাৰীয়ে সলনি কৰিলে জীৱনঃ কেইবালাখ টকাৰ গৰাকী চাইকেল মেকানিক... 
শোণিতপুৰ

লটাৰীয়ে সলনি কৰিলে জীৱনঃ কেইবালাখ টকাৰ গৰাকী চাইকেল মেকানিক...

Asomiya Pratidin

ডিজিটেল সংবাদ বিশ্বনাথঃ ভাগ্যৰ চাকৰি কেতিয়া কেনি ঘূৰে, কোনেও ক'ব নোৱাৰে৷ এটা নিশাৰ ভিতৰত কেইবা লাখ টকাৰ মালিক হ'ল বিশ্বনাথৰ এজন চাইকেল মেকানিক।

আনৰ দোকানত কেইবা বছৰ ধৰি চাইকেল মেকানিক হিচাপে কাম কৰি নিজৰ পৰিয়াল পোহপাল দিয়া বীৰেন শৰ্মা নামৰ যুৱক জনৰ হঠাৎ ভাগ্য ফুলিল। শুনাত অবিশ্বাস্য যেন লাগিলেও আনৰ দোকানত কাম কৰা বীৰেন এতিয়া কেইবা লাখ টকাৰ মালিক।

কাৰণ বীৰেনৰ ভাগ্য উদয় কৰিলে বজালীৰ এখন উপহাৰ কুপনে। উল্লেখ্য যে, বজালীৰ ইউনাইটেড ক্লাব,বামাখাটা আঞ্চলিক ৰঙালী বিহু সন্মিলন আৰু বামাখাটা কেণ্ডুগুৰী বজাৰ সমিতিৰ সৌজন্যত তৰুণ সংঘৰ ভৱন নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা ২০২৩-২৪ বৰ্ষৰ উপহাৰ কুপন খেলৰ যোৱা ৩০-মাৰ্চ তাৰিখে ফলাফল দিয়ে।

এই ফলাফলত বিশ্বনাথৰ কালিবাৰীৰ ভাড়াঘৰত থাকি জীৱন নিৰ্বাহ কৰা বীৰেন শৰ্মাই লাভ কৰে প্ৰথম পুৰস্কাৰ হিচাপে এখন ফৰচুনাৰ গাড়ী। বীৰেনে অনলাইন যোগে ক্ৰয় কৰিছিল এই উপহাৰ কুপন। তেওঁ ক্ৰয় কৰা উপহাৰ কুপনৰ ক্ৰমিক নং হৈছে 123352। বীৰেনে কন্যাৰ নামত ক্ৰয় কৰা এই উপহাৰ কুপনে সমস্ত ঘৰখনৰে কপাল সলনি কৰিলে।