শোণিতপুৰ

হিমন্ত বিশ্বই নিজৰ বাবে সম্পত্তি গোটাই লোৱাৰ পাছত বিধানসভাত বিল আনেঃ মীৰা বৰঠাকুৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ দেওবাৰে নদুৱাৰ সমষ্টিৰ টৌভঙাৰ মিচিং গাঁৱৰ এ এম চি সামূহিক ভৱনত শোণিতপুৰ জিলা মহিলা কংগ্ৰেছৰ এখনি বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী তৰুলতা দাস গোৱালাৰ সভাপতিত্বত অনুষ্ঠিত দলীয় সভাখনিত অংশগ্ৰহণ কৰে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ।

সভাত উপস্থিত থাকি চৰকাৰ তথা মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা দিয়ে বৰঠাকুৰে। তেওঁ কয় যে, এতিয়া ৰাজভোগ উকলিছে ৷ তেওঁৰ অবাধ দূৰ্নীতিৰ বাবেই ২০২৬ত আমাৰ চৰকাৰ গঠন হব ৷ ৰাইজে শাসনৰ বাঘজৰী আমাক দিব। সম্প্ৰতি অসমত দৈনিক ৪/৫ গৰাকীকৈ মহিলা ধৰ্ষিতা হৈ আছে।ইয়াৰ বিচাৰ কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে ৷

লগতে নিবনুৱা সমস্যা উত্থাপন কৰি তেওঁ কয় যে, ১৬হেজাৰ পদৰ বিপৰীতে ৩৬ লাখ নিবনুৱাই চাকৰি বিচৰা অসমখন কেনেকৈ উন্নতি হ'ল? হিমন্ত বিশ্ব শৰ্মাই পত্নীৰ নামত গোগ্ৰাসে সম্পত্তি গিলিছে ৷ নিজৰ কাৰণে সম্পত্তি গোটাই লোৱাৰ পাছতহে তেওঁ বিধানসভাত বিল আনে বুলি মুখ্যমন্ত্ৰীক উদ্দেশ্যি ক্ষোভ উজাৰে প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷