শোণিতপুৰ

বিহালী স্নাতক মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ মন্ত্ৰী পীযুষ হাজৰীকাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহালী : মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে বিশ্বনাথ জিলাৰ বিহালী স্নাতক মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানত অংশ লয় । সাংসদ ৰঞ্জিত দত্ত, বিধায়ক দিগন্ত কলিতা, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা শিক্ষকসকলৰ উপস্থিতিত মন্ত্ৰী হাজৰীকাই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বিশেষ মত-বিনিময় কৰি ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ আভাস দিয়ে।

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিখনৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিখনে ছাত্ৰীসকলক বিশেষভাৱে সক্ষম কৰি তুলিব আৰু ই সমাজৰ পৰা বাল্য বিবাহ হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব । আগন্তুক ডেৰ মাহৰ ভিতৰতে ছাত্ৰীসকলে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰিবলৈ আৰম্ভ কৰিব বুলি মন্তব্য কৰে।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে বৰ্তমানৰ চৰকাৰখনে যথেষ্ট কাম হাতত লৈছে । সম্পূৰ্ণ মেধাৰ ভিত্তিত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে এতিয়ালৈকে ১ লাখৰো অধিক প্ৰাৰ্থীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰি যুৱ প্ৰজন্মৰ মাজত ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত আস্থা ঘূৰাই আনিবলৈ সক্ষম হৈছে।

আনহাতে যুৱ-সমাজক স্বাৱলম্বন কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ আৰম্ভ কৰা বুলি তেওঁ মন্তব্য কৰে। আনহাতে ছাত্ৰ-ছাত্ৰীসকলক জীৱনত সফল হ'বলৈ অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব দি মন্ত্ৰী হাজৰীকাই সকলোকে সামাজিক দায়বদ্ধতাৰে জীৱনত আগবাঢ়ি যাবলৈ আহ্বান জনায় ।

শিক্ষা আৰু স্বাস্থ্য জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই ছাত্ৰ-ছাত্ৰীসকলক এই ক্ষেত্ৰত গুৰুত্বসহকাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ।