শোণিতপুৰ

ৰাজপথত মন্ত্ৰী পীযুষ হাজৰিকাক আগভেটি ধৰিলে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমৰ্থকে

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহালী : ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও বিহালীত বলি আছে নিৰ্বাচনী বতাহ ৷ সমষ্টিটোত ন-বিজেপি জয়ন্ত বৰা আৰু বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ৰাইজৰ কাষত গৈ নিজৰ নিজৰ সমৰ্থন আদায় কৰিবলৈ উঠি পৰি লাগিছে।

ইয়াৰ সমান্তৰালকৈ সাংসদ ৰঞ্জিত দত্তই বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰক লগত লৈ সভা-সমিতি অনুষ্ঠিত কৰিছে ৷

ইয়াৰ মাজতে বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দায়িত্ব লাভ কৰা মন্ত্ৰী পীযুষ হাজৰিকাই দেওবাৰে সমষ্টিটোৰ বিহালী আৰু বাঘমৰা মণ্ডলত দুখনকৈ সাংগঠনিক সভাত অংশগ্ৰহন কৰে ৷ নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্য বিহালীত উপস্থিত হোৱাৰ সময়তে ন-বিজেপি তথা প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত বৰাৰ সমৰ্থকসকলে বাঘমাৰা অঞ্চলৰ ৰাজপথতে মন্ত্ৰী হাজৰিকাক আদৰণি জনাই জয়ন্ত বৰাক টিকট দিবলৈ দাবী তোলে ৷

সমৰ্থকসকলৰ শ্ল’গান আৰু দাবীত স্বাভাৱিকতে অস্বস্তিত পৰে মন্ত্ৰীগৰাকী। অৱশ্যে তেঁও টিকটৰ বাবে অহা নাই বুলি কয়। সাংগঠনিক কামৰ বাবেহে আহিছো বুলি সমৰ্থকসকলৰ আগত মন্তব্য কৰি সেই স্থানৰ পৰা আঁতৰি আহে ৷