শোণিতপুৰ

স্বাস্থ্য বিভাগৰ অভিযানত অথন্তৰ : অচেতন অৰ্ধশতাধিক গৰাকী ছাত্ৰ-ছাত্ৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ বৃহস্পতিবাৰৰ পৰা বিশ্বনাথ জিলা স্বাস্থ্য বিভাগে আৰম্ভ কৰিছিল ফাইলেৰিয়া ৰোগ নিৰ্মূল অভিযান। কিন্তু এই অভিযানৰ আৰম্ভণিতেই লাগিল অথন্তৰ।

স্বাস্থ্য বিভাগে বিদ্যালয়ে বিদ্যালয়ে ফাইলেৰিয়া ৰোগ নিৰ্মূলৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিছিল বিনামূলীয়া ঔষধ। কিন্তু বিশ্বনাথ ঘাটৰ ফকৰুদ্দিন আলি আহমেদ হাইস্কুলৰ কণ কণ ছাত্ৰ-ছাত্ৰীক স্বাস্থ্য বিভাগে প্ৰদান কৰা বিনামূলীয়া ডি.ই.চি আৰু এলবেণ্ডাজল টেবলেট খোৱাৰ পিছতে ৫০ গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰী বিদ্যালয়তে অচেতন হৈ ঢলি পৰে। ইয়াৰ লগে লগে বিদ্যালয়খনত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীসকলক বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছে।

কোনো ধৰণৰ পৰীক্ষা-নিৰীক্ষা নকৰাকৈ স্বাস্থ্যবিভাগে ছাত্ৰ-ছাত্ৰীসকলক এই ঔষধ প্ৰদান কৰা বাবে স্থানীয় লোক আৰু অভিভাৱকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। স্বাস্থ্য বিভাগৰ এই গাফিলতি সন্দৰ্ভত বিশ্বনাথৰ গোৱালতলি বিদ্যালয়ত অভিভাৱক তথা স্থানীয় লোকে স্বাস্থ্য বিভাগ আৰু শিক্ষকসকলক জবাবদিহি কৰে।

উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বনাথ অঞ্চলতে এক উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয়। জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া লগতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে।