তিনি মাহে সন্ধানহীন দুই পুত্ৰ সন্তানৰ মাতৃঃ সন্ধানপালে অৱগত খবৰ দিবলৈ আহ্বান... 
শোণিতপুৰ

তিনি মাহে সন্ধানহীন দুই পুত্ৰ সন্তানৰ মাতৃঃ সন্ধানপালে খবৰ দিবলৈ আহ্বান...

Asomiya Pratidin

ডিজিটেল সংবাদ জামুগুৰিহাটঃ নদুৱাৰ অঞ্চলৰ জয়সিদ্ধি মধুপুৰ গাঁৱৰ বুবু নাথ নামৰ যুৱকজনৰ পত্নী নিতু দেৱী বৰুৱা (২৭ আজি তিনি মাহ ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই স্বামী আৰু পৰিয়ালবৰ্গক চিন্তিত কৰি তোলাৰ লগতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পৰিয়ালৰ সূত্ৰে জানিৱ পৰা মতে তিনিমাহৰ পূৰ্ব্বৰ এটি নিশা স্বামী আৰু সন্তানক শোৱনী কোঠাতে এৰি বাহিৰলৈ ওলাই গৈছিল নিতু।

ইয়াৰ পিছৰ পৰা আজি পৰ্যন্ত ঘূৰি নাহিল তেওঁ। নিতু দেৱী বৰুৱা সন্ধানহীন হোৱাৰ পৰাই স্বামীয়ে চাৰিওফালে বিচাৰ খোচাৰ কৰিও কোনো শুংসূত্ৰ নেপালে। ৰোগীয়া স্বামী বুবু নাথৰ লগতে ৯ বছৰীয়া আৰু ৩ বছৰীয়া দুটিকৈ পুত্ৰ সন্তানক ঘৰত এৰি থৈ নিশাৰ ভাগত ওলাই যোৱা মাতৃ নিতু দেৱীৰ সন্ধান বিছাৰি বহুদিন ধৰি আত্মীয়ৰ ঘৰত খবৰ কৰিও কোনো সম্ভেদ উলিয়াব পৰা নাই।

স্বামীৰ অভিযোগ অনুসৰি ডিব্ৰুগড়ৰ এজন যুৱকে প্ৰেমৰ চালনাৰে তেওৰ পত্নীক পলুৱাই নি নাৰী ব্যৱসায়ী চক্ৰৰ হাতত বিক্ৰী কৰিছে৷ যিহেতু পূৰ্ব্বতে এই যুৱকজনে পত্নীৰ সৈতে ফোনত কথা পতা আৰু মেচেজ সমূহ তেঁও দেখা পাইছিল৷

অৱশেষত উপায়হীন হৈ স্বামী বুবুল নাথে ইটাখোলা আৰক্ষী চকীত পত্নীৰ নিৰুদ্দেশ সম্পৰ্কত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয়৷ আৰক্ষীয়ে বোৱাৰীগৰাকীৰ নিৰুদ্দেশ সম্পৰ্কীয় এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে যদিও কোনো শুং সূত্ৰ বিচাৰি পোৱা নাই৷

সদাশয় কোনোলোকে দুটি পুত্ৰ সন্তানৰ মাতৃ বোৱাৰী গৰাকীৰ সন্ধান পালে 9101415095 নম্বৰত ফোন কৰি খবৰ দিবলৈ স্বামী বুবুল নাথে অনুৰোধ জনাইছে৷ লগতে দুটাকৈ কনমানি পুত্ৰ সন্তানৰ ভৱিষ্যত জীৱনৰ কথা ভাবি হলেও ঘৰলৈ ওভতি আহিবলৈ নিতু দেৱীক আহ্ৱান জনাইছে স্বামী ও পৰিয়ালবৰ্গ তথা স্হানীয় ৰাইজে৷৷