শোণিতপুৰ

জীয়াভৰলী নদীত উদ্ধাৰ মটৰচাইকেল

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ জীয়াভৰলী নদীত উদ্ধাৰ হৈছে নম্বৰ প্লেটবিহীন এখন কেটিএম ২০০ মটৰচাইকেল। জানিব পৰামতে বৰমতা অঞ্চলৰ কেইজনমান যুৱকে জীয়াভৰলীত গা ধুই থাকোতে ভৰিত বাইকৰ চকা লগাত তেওঁলোকে খবৰ দিয়ে।

যুৱককেইজনে মটৰচাইকেলখন পানীৰ তলৰ পৰা উঠাই আনি স্থানীয় গাওঁ প্ৰধানক অৱগত কৰে। গাওঁ প্ৰধানে জামুগুৰিহাটৰ আৰক্ষী খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ বাইকখন জব্দ কৰি আৰক্ষী থানালৈ নিয়ে।