শোণিতপুৰ

জামুগুৰিহাটত সাংসদ ৰঞ্জিত দত্তৰ বান সাহাৰ্য্য শিবিৰ পৰিদৰ্শন

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে শুকুৰবাৰে বিয়লি আশ্ৰয় শিবিৰলৈ গৈ বানাক্ৰান্ত ৰাইজৰ খবৰ লয় শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই ৷ উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ ভয়াৱহ বানে এটা নিশাৰ ভিতৰতে ঘৰ দুৱাৰ বুৰাই পেলোৱা দুৰ্ভগীয়া বানাক্ৰান্ত লোকসকলে আশ্ৰয় গ্ৰহণ কৰি আছে পানপুৰ হাইস্কুলত।

সমষ্টিবাসীৰ এনে দুৰ্দিনত সাংসদগৰাকীয়ে বানাক্ৰান্তৰ কাষত উপস্থিত হৈ সঠিকভাৱে খাদ্য সামগ্ৰী,চিকিৎসা সেৱাকে ধৰি চৰকাৰী সকলো সামগ্ৰী লাভ কৰিছে নে নাই সেই বিষয়ে তদৰক কৰে। লগতে বানপিড়িত দুৰ্ভগীয়া লোকসকলৰ সৈতি মত বিনিময়ো কৰে ৷

তেঁও কয়- অসমৰ সাংসদসকল অধিৱেশন শেষ হোৱাৰ পূৰ্বে সমষ্টিলৈ উভতি আহিছে।বৰ্তমান আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত লোকসকলো নিৰাপদ অৱস্থাত আছে আৰু প্ৰয়োজন সাপেক্ষে চৰকাৰে বানাক্ৰান্ত লোকসকলক সকলো প্ৰকাৰৰ সহায় কৰি থাকিব বুলি কয় ৷