শোণিতপুৰ

চাৰিদুৱাৰত ৩ লাখ টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ : দুজনক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : ৰঙাপৰা আবকাৰী বিভাগে শুকুৰবাৰে নিশা অভিযান চলাই জব্দ কৰে এখন বলে'ন গাড়ীসহ কেইবা কাৰ্টন অৰুনাচলী সুৰা। নিশা আবকাৰী বিভাগে এক গোপন সুত্ৰৰ পম খেদি AS-12- AF-6418 নম্বৰৰ গাড়ীখনেৰে অৰুণাচলৰ পৰা অসমলৈ অবৈধভাৱে আনি থকা অৱস্থাত জব্দ কৰে গাড়ীসহ সুৰাখিনি ।

ঘটনাৰ লগত জড়িত দুজনকৈ সৰবৰাহকাৰীক আটক কৰিছে আবকাৰী বিভাগে। জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় তিনি লাখ টকা হ'ব বুলি আবকাৰী সূত্ৰত প্ৰকাশ।