শোণিতপুৰ

নীট (NEET) পৰীক্ষাত উজ্বলিল দিকৰাই চাহ বাগিছাৰ দৰিদ্ৰ ছাত্ৰ যটিন তাঁতি

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ সদ্য ঘোষিত নীট(NEET) পৰীক্ষাৰ ফলাফলত উজ্বলিল দিকৰাই চাহ বাগিছাৰ দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰ যটিন তাঁতি ৷ কৃতী ছাত্ৰ যটিন তাঁতিয়ে সৰ্ব ভাৰতীয় নীট (NEET) পৰীক্ষাত মুঠ ৫২৭ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

৫ মে'ত অনুষ্ঠিত নীট পৰীক্ষাৰ ফলাফল লাভ কৰি কৃতী ছাত্ৰ গৰকীৰ লগতে পিতৃ মাতৃ ও পৰিয়ালবৰ্গ আনন্দত আত্মহাৰা হৈ পৰিছে ৷ নদুৱাৰ অঞ্চলৰ দিকৰাই চাহ বাগিছা খনৰ অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ গৰাকীয়ে বিগত বৰ্ষৰ নীট (NEET) পৰীক্ষাত অৱতীৰ্ণ হৈ লাভ কৰিছিল ৩৩০ নম্বৰ৷ ভৱিষ্যতে এজন সু চিকিৎসক হোৱাৰ সপোন পুহি ৰখা মেধাৱী ছাত্ৰ যটিন তাঁতিয়ে ইয়াৰ পিছতো হাৰ নামানি শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হব নোৱাৰে তাকেই যেন প্ৰমাণ কৰি দেখুৱালে ৷

দীৰ্ঘ দিন ধৰি একানপতিয়াকৈ দৈনিক ৬ ৰ পৰা ৮ ঘন্টা পৰ্যন্ত পঢ়াশুনাতে আত্মনিয়োগ কৰি থাকি মনৰ দৃঢ়তা আৰু একাগ্ৰতাক মূলধন হিচাবে লৈ পুনৰ নীট(NEET) পৰীক্ষাত অৱতীৰ্ণ হৈ ৫২৭ নম্বৰ লাভ কৰি সফলতাৰ পাবলৈ সক্ষম হ'ল ৷ ছাত্ৰজনৰ এই সফলতাত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনাৰে প্ৰাৰ্থনা জনাইছে। উল্লেখযোগ্য যে যটিন তাঁতি দিকৰাই চাহ বাগিছা নিবাসী চাহ শ্ৰমিক ৰাম দাস তাঁতি আৰু ববি তাঁতিৰ সুযোগ্য সন্তান ।