শোণিতপুৰ

ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত জামুগুৰিহাটৰ পল্লৱী কলিতাৰ সাফল্য

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : অল ইণ্ডিয়া ইন্টাৰ স্কুল বক্সিং চেম্পিয়ন প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে পল্লৱী কলিতাই। তেঁওৰ এই সাফল্যৰ বাবে বুধবাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰে জামুগুৰিহাটত ৷

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী তথা তৌভঙা নিৱাসী পল্লৱী কলিতাক আজি বিদ্যালয়ত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই কৃতিত্বৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ও শিক্ষকসকলে উষ্ম অভিনন্দন জ্ঞাপন কৰে ৷ যোৱা ২৪ আৰু ২৫ আগষ্টত পশ্চিম বংগৰ কোচবিহাৰত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত পল্লবী কলিতাই দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী আগশাৰী খেলুৱৈক ধাৰাশায়ী কৰি এই সন্মান বুটলিবলৈ সক্ষম হয় ৷