গৌৰৱ গগৈক নগাওঁৰ পৰা নিৰ্বাচন খেলি প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক জীৱন ধ্বংস নকৰিবলৈ পীযুষ হাজৰীকাৰ আহ্বান... 
শোণিতপুৰ

গৌৰৱ গগৈক নগাওঁৰ পৰা নিৰ্বাচন খেলি প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক জীৱন ধ্বংস নকৰিবলৈ পীযুষ হাজৰীকাৰ আহ্বান...

Asomiya Pratidin

ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথ, চতিয়া আৰু জামুগুৰিহাটৰ ৰক্ষা কৱচ বিশ্বনাথ পাণপুৰ মথাউৰিলৈ মহাবাহু ব্ৰহ্মপুত্ৰই আনিছে তীব্ৰ ভাবুকি। কিয়নো মথাউৰিটোৰ নিচেই কাষত দুটা স্হানত হৈছে ব্যাপক গৰাখহনীয়া। আজি বিশ্বনাথৰ পানপুৰ মথাউৰিত হোৱা এই গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ আহিল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা।

চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ সৈতে উপস্হিত হোৱা মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ ঘাট পাণপুৰ মথাউৰিৰ গৰাখহনীয়া ৰোধ কৰিবলৈ দহ হাজাৰ জিঅ' বেগ ইতিমধ্যেই পেলোৱা হৈছে বুলি উল্লেখ কৰে। ইফালে মথাউৰিটো বহল কৰাৰ নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে যি দুটা স্থানত গৰাখহনীয়া হৈছে সেই ঠাইত শক্তিশালী ভাৱে প্ৰতিৰোধৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিছে।

মন্ত্ৰী গৰাকীয়ে কয়, "আমি ভালদৰেই গৰাখহনীয় ৰোধৰ চেষ্টা কৰিছোঁ। যদি ভগৱানে আমাক সহায় নকৰে, তেন্তে আমাৰ উপায় নাই।" যদি ভগৱান সদয় হয় তেন্তে ৰাইজক বিপদত পৰিব নিদিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী গৰাকীৰ।

আনহাতে সংখ্যালঘু অধ্যুষিত এই কুমলীয়া অঞ্চলৰ ভুক্তভোগী ৰাইজক উদ্দেশ্যি "তোমালোকেতো আমাক সহায় নকৰা,তথাপিতো আমি আহিছো মথাউৰি বনাবলৈ। কালি কংগ্ৰেছৰ মানুহ আহোতে তোমালোকেই পিছফালে হাত চাপৰি মাৰিছিলা" বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।ইমানতে ক্ষান্ত নাথাকি মন্ত্ৰী গৰকীয়ে কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰব গগৈ তথা কংগ্ৰেছ দলৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰে।

যিজন মানুহে শ্ৰীকৃষ্ণক লাভ জেহাদী বুলি কৈছিল, সেই মানুহ কেতিয়াও অৰ্জুন হ'ব নোৱাৰে বুলি ভূপেন বৰাক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে ভগবান শ্ৰী কৃষ্ণ, অৰ্জুন, ধৃতৰাষ্ট্ৰ এইবোৰ কৈ কৈ ভূপেন বৰাই হিন্দু সমাজখনক বিপদৰ মাজলৈ ঠেলি দিছে,অসন্মান কৰিছে বুলি মন্তব্য কৰে। এই কথাবোৰ বন্ধ নকৰিলে আমাৰ সভ্যতা সংস্কৃতি নষ্ট হ'ব বুলিও উল্লেখ কৰে ।

ইফালে যোৱা দুটা বছৰত আমিনুল ইছলামক এবাৰ দুবাৰহে ফোন কৰিছে বুলি কৈ গৌৰৱ গগৈয়ে ডিমাণ্ড কৰিলে কল ৰেকৰ্ডৰ CDR নিজে উলিয়াই দিব বুলি মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয়। তেওঁলোকেহে বদৰুদ্দিন আজমলক আলিংগন কৰে বুলি উল্লেখ কৰি যোৱাবাৰ বদৰুদ্দিনৰ অনুগ্ৰহতেহে গৌৰৱ গগৈ কলিয়াবৰ লোকসভাৰ পৰা সাংসদ হৈছিল বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

এইবাৰো নগাঁৱত গৌৰৱ গগৈয়ে কুচকাৱাজ কৰিছে, এইবাৰো বদৰুদ্দিন আজমলে নগাঁৱৰ পৰা প্ৰাৰ্থী নিদিয়ে। বিজেপিয়ে জ্যেষ্ঠক সন্মান কৰিব নাজানে বুলি গৌৰৱ গগৈয়ে কোৱা প্ৰসংগৰ প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈতকৈ জ্যেষ্ঠ।

সেয়েহে প্ৰদ্যুত বৰদলৈক সন্মান জনাই তেখেতৰ সমষ্টিত গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিবলৈ যাব নালাগে বুলি অনুৰোধ জনাই মন্ত্ৰীগৰাকীয়ে। যিহেতু কংগ্ৰেছে জ্যেষ্ঠক সন্মান কৰে সেয়েহে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক জীৱন অন্ধকাৰ কৰিব নালাগে বুলি মন্তব্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ পুনৰ ভূপেন বৰাৰ প্ৰসংগ টানি আনি কয় যে, ভূপেন বৰাৰ লগতে একাংশ কংগ্ৰেছীয়ে ৰাজীৱ ভৱনত বহি বহু লম্ফজম্ফ কৰে। কিন্তু নিৰ্বাচনৰ সময়ত আমিয়েই গ'ল দি থাকো, গ'ল পোষ্ট খালী হৈ থাকে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "আমি গ'ল দিয়ে থাকিম আৰু জিকিয়ে থাকিম।"