শোণিতপুৰ

ৰঙাপৰাত অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙাপৰা : সোমবাৰে ৰঙাপৰা আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে ৷ ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপজ্যোতি ভড়ালীৰ নেতৃত্বত ৰঙাপৰা ৰেলৱে হাস্পতালৰ সমীপত গঢ় লৈ উঠা দুটাকৈ সুৰাৰ ভাটিত চলাই এই অভিযানত

অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চুলাই মদ ,গেলা পাছোৱা সামগ্ৰী নষ্ট কৰে ৷ উল্লেখ্য যে ৰেলৱে হাস্পতালৰ সমীপত গঢ় লৈ উঠা চুলাই মদৰ ভাটিয়ে পৰিবেশ বিনষ্ট কৰি আহিছিল ৷