শোণিতপুৰ

জামুগুৰিহাটত দুৰ্গা প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পী

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : শাৰদীয় দুৰ্গোৎসৱৰ দিন চমু চাপি অহাৰ লগেই ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ। জামুগুৰিহাটতো দুৰ্গোৎসৱক লৈ মৃৎশিল্পীসকলৰ ব্যস্ততাৰ অন্ত নাই।

দিন-ৰাতি পৰিশ্ৰম কৰি এতিয়া প্ৰতিমা নিৰ্মাণত ব্যস্ত জামুগুৰিহাটৰ মৃৎশিল্পীসকল।জামুগুৰিহাটৰ শ্ৰীকৃষ্ণ শিল্পালয়ৰ মৃৎশিল্পীয়ে নিৰ্মাণ কৰা প্ৰতিমা তেজপুৰ, বিশ্বনাথ চাৰিআলিৰ লগতে নিয়া হ'ব চুবুৰীয়া ৰাজ্য আৰুণাচল প্ৰদেশলৈ।

জামুগুৰিহাটৰ দহখনৰো অধিক মৃৎশিল্পালয়ত এতিয়া প্ৰতিমা নিৰ্মাণত দিনে নিশাই ব্যস্ত আছে শিল্পীসকল। প্ৰতিমা নিৰ্মাণত ব্যস্ত থকা খনিকৰ সকলৰো আশা- শাৰদীয় দুৰ্গোসৱে সকলোৰে মুখলৈ শান্তি -সমৃদ্ধি কঢ়িয়াই আনিব।