গহপুৰত বাইকত উঠি কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ নিৰ্বাচনী প্ৰচাৰ... 
শোণিতপুৰ

গহপুৰত কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ গহপুৰঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। শনিবাৰে গঞ্জুৱে বাইকত উঠি নিৰ্বাচনী প্ৰচাৰ চলাই গহপুৰৰ দক্ষিণাঞ্চলত।

উল্লেখ্য অহা ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়তে শোণিতপুৰ লোকসভা সমষ্টিৰো ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। সেয়ে সমষ্টিটোৰ মনোনয়ন পত্ৰ দাখিল আৰু পৰীক্ষণৰ অন্ত পৰাৰ পাছতে পূৰ্বতকৈ দুগুণে বৃদ্ধি পাইছে প্ৰাৰ্থীসকলৰ নিৰ্বাচনী তৎপৰতা।

কংগ্ৰেছী প্ৰাৰ্থী জনে আজি গহপুৰ দক্ষিনাঞ্চলৰ মিচিং জনগোষ্ঠীয় ৰাইজৰ মাজত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে। অঞ্চলটোৰ বৰতামুলী, ৰাউণ্ডমুখা, ৰৈপৰীয়া, লোহিতমুখ আদি পঞ্চায়তত উপস্থিত হৈ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ কৰে প্ৰেমলাল গঞ্জুৱে।

ইয়াৰ মাজতে তেওঁ দাবী কৰিছে এইবাৰ নিৰ্বাচনত তেওঁ বিপুল ভোটত জয়ী হৈ দিল্লীলৈ যাব। তেওঁ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ মন্তব্যৰ আঁত ধৰি কয়, ৰঞ্জিত দত্ত ৯ জন বিজেপি বিধায়কৰ কোনে, কিমান ভোট দিব পাৰিব তাৰ প্ৰতিযোগিতা চলাইছে। কিন্তু আমাক বিধায়কে নহয় ৰাইজে ভোট দিব। আমি ৰাইজৰ কাষলৈহে আহিছোঁ।