শোণিতপুৰ

জামুগুৰিহাটৰ উত্তৰ নাগশংকৰ গাওঁ পঞ্চায়ত কাৰ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল ডেস্ক, জামুগুৰিহাটঃ জামুগুৰিহাটৰ উত্তৰ নাগশংকৰ গাওঁ পঞ্চায়ত কাৰ্যালয়ত শুকুৰবাৰে অলপতে হৈ যোৱা খেল মহাৰণত পাৰদৰ্শিতা দেখুওৱা কুৰিৰো অধিক খেলুৱৈক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে পঞ্চায়ত কতৃপক্ষই ৷

সমষ্টিভিত্তিক খেল মহাৰনত সফলতা কঢ়িয়াই অনা খেলুৱৈ সকলক আজি পুৱা মেডেল বিতৰন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই ৷ উক্ত সভাত উত্তৰ নাগশংকৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী দিপা তাঁতি, আঞ্চলিক সদস্য প্ৰমুক্ষে কৰি কৰ্মকৰ্তা সকলে অংশগ্ৰহন কৰে ৷