শোণিতপুৰ

ৰাহুল গান্ধীক শোণিতপুৰ জিলা কংগ্ৰেছৰ বিপুল আদৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ভাৰত জোৰো ন্যায় যাত্ৰা ৰবিবাৰে বিয়লি ৩ বজাত চতিয়া সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হয়হি ৷ ৰাহুল গান্ধীৰ নেতৃত্বত হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাক জামুগুৰটহাটৰ পৰিদৰ্শন ভৱনৰ সন্মুখত শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিয়ে আদৰণি জনায় ৷

কংগ্ৰেছৰ যুৱৰাজ গৰাকীৰ ভাৰত জোৰো ন্যায় যাত্ৰাৰ মাজতে হেজাৰ হেজাৰ কংগ্ৰেছী নেতা কৰ্মী সমৰ্থকৰ উপস্থিতিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বিজেপি দলৰ নেতা কৰ্মী সকলেও সমান্তৰালকৈ জয়শ্ৰীৰাম ধ্বনি দিয়া পৰিলক্ষিত হয়৷

ইফালে আজি ৰাজ্য চৰকাৰৰ উদ্যম্যিতা আঁচনিৰ প্ৰপত্ৰ ও চতিয়া সমষ্টিৰ প্ৰতিটো পঞ্চায়ত বিতৰণ কৰা হয় যত হেজাৰ হেজৰ মহিলাই আবেদন পত্ৰ সংগ্ৰহৰ বাবে ভিৰ কৰা পৰিলাক্ষিত হয় ।