বিভিন্ন সমস্যা সমাধানৰ দাবীৰে ৰঙাপৰাত ৰে'লৱে গাৰ্ডছ কাউন্সিলৰ ধৰ্ণা... 
শোণিতপুৰ

বিভিন্ন সমস্যা সমাধানৰ দাবীৰে ৰঙাপৰাত ৰে'লৱে গাৰ্ডছ কাউন্সিলৰ ধৰ্ণা...

Asomiya Pratidin

ডিজিটেল সংবাদ জামুগুৰিহাটঃ আজি ৰঙাপৰা ৰে'লৱে জংচনত ৰে'ল কৰ্মচাৰীসকলে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। অল ইণ্ডিয়া ৰে'লৱে গাৰ্ডছ কাউন্সিলৰ ৰঙাপৰা শাখাই তেওঁলোকৰ বিভিন্ন সম্যাসা সমাধানৰ দাবীত এক ঘন্টীয় ধৰ্ণা কাৰ্যসূচী পালন কৰে।

উল্লেখ্য যে, লাইন বক্সত থকা সুৰক্ষা সামগ্ৰীসমূহ ৰে'লৱে গাৰ্ডছে নিজেই কঢ়িয়াই নিয়াৰ নীতি আছে। এই নীতিৰ বিৰোধিতা কৰিছে ৰে'লৱে গাৰ্ডছসকলে। আজিৰ প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰী ৰে'লৱে গাৰ্ডছসকলে তেওঁলোকৰ ওপৰত চলোৱা এনে অত্যাচাৰ কেতিয়াও মানি নলয় বুলি কৈ এনে নীতি বন্ধ কৰাৰ দাবী জনাইছে।