শোণিতপুৰ

চাৰিখনকৈ দলীয় সাংগঠনিক সভাত উপস্থিত ৰঞ্জিত দত্ত

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : নদুৱাৰ বিধানসভা সমষ্টিত শুকুৰবাৰে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই ৪খনকৈ দলীয় সাংগঠনিক সভাত ভাগ লয়। জামুগুৰিহাটৰ ৰঙাচকুৱা,গমিৰিপাল,চাৰিদুৱাৰ,চতিয়াত অনুষ্ঠিত সাংগঠনিক সভাসমূহত বিধায়ক পদ্ম হাজৰিকাই আদৰণী ভাষণ প্ৰদান কৰে।

ভাষণ প্ৰসংগত হাজৰিকাই নদুৱাৰ সমষ্টিৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত ১ লাখতকৈ অধিক দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি নৰেন্দ্ৰ মোদী আৰু ড°হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰাৰ স্বাৰ্থত কাম কৰি যাবলৈ দলীয় কাৰ্য্যকৰ্তা সকলৰ প্ৰতি আহ্বান জনায় ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই দলীয় কাৰ্য্যকৰ্তাসকলক সততা আৰু নিষ্ঠাৰে দলৰ কাম কৰি নদুৱাৰ সমষ্টিৰ বিধায়কগৰাকীৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰাকৈ কাম কৰি যাবলৈ আহ্বান জনায় ৷