শোণিতপুৰ

নবিল প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিলৈ শ্ৰেষ্ঠতাৰ স্বীকৃতি বঁটা

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ টৌভঙাৰ নবিল প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিখনে বিগত বৰ্ষটোত অক্লান্ত পৰিশ্ৰম ত্যাগ আৰু নিষ্ঠাৰে কৰা কামৰ বাবে বিদ্যালয়খনিয়ে এক আকৰ্ষণীয় উন্নয়নৰ দিশত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিদ্যালয়খনৰ সৰ্ব্বাংগীন উন্নয়নৰ বাবে আগবঢ়োৱা নিষ্ঠাপূৰ্ণ কৰ্ম আৰু আদৰ্শগত চানেকীৰ বাবে শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষা শোণিতপুৰৰ তৰফৰ পৰা বুধবাৰে বিদ্যালয় পৰিচালনা সমিতি খনক স্বীকৃতি প্ৰদান কৰি সম্বৰ্দ্ধনাপত্ৰ আৰু আকৰ্ষণীয় বটা প্ৰদান কৰে ৷

ইয়াৰ বাবে বিদ্যালয় পৰিচালনা সমিতিখন উৎফুল্লিত হৈ পৰিছে ৷ লগতে অঞ্চলটোৰ বৌদ্ধিক সমাজে এই খবৰত আনন্দ প্ৰকাশ কৰে।