শোণিতপুৰ

ইতিহাস বিষয়ত অসমৰ ভিতৰত একমাত্ৰ ১০০ নম্বৰ লাভ কৰি উজ্বলিল ইচাৰাণী ভৰালী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ ছাত্ৰ-ছাত্ৰীৰ অভিলেখ । বহু বছৰৰ ব্যৱধানৰ পিছত এই বৰ্ষত ইতিহাস বিষয়ত অসমৰ ভিতৰত একমাত্ৰ ১০০ নম্বৰ লাভ কৰিছে বিদ্যালয়খনৰ ছাত্ৰী ইচাৰাণী ভৰালীয়ে ।

ভূগোল বিষয়ত অসমৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিছে মুঠ ৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে । ইয়াৰে ৭ গৰাকীকৈ শংকৰদেৱ শিক্ষা নিকেতন ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে ১০০ নম্বৰ।ইচাৰাণী ভৰালী, ভাৱাৰ্ণব অশোক শইকীয়া, দর্শনা কাশ্যপ, উচ্চাকাংক্ষা নেৱাৰ, অটল কুমাৰ কাৰডং, প্ৰাপ্তি বৰা, নিত্যাক্ষী নিৰলা । ছাত্ৰ-ছাত্ৰীৰ এনে সাফল্যই বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলবাসীলৈ গৌৰব কঢ়িয়াই আনিছে । সকলোৱে এতিয়া ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছে ।