শোণিতপুৰ

আগ্ৰিপামৰ তেল ডিপো সন্মুখত ভয়কৰ পথ দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ আগ্ৰিপামৰ তেলডিপোৰ সন্মুখত সংঘটিত হৈছে ভয়কৰ পথ দুৰ্ঘটনা ৷ সোমবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত মাৰুতি অল্ট' কে-১০ আৰু ডাম্পাৰৰ মুখামুখী সংঘৰ্ষৰ ফলত দুজন লোক গুৰুতৰভাৱে আহত হয় ৷

আহত দুয়োজনক স্থানীয় চিকিৎসালয় লৈ নিয়া হয় যদিও অৱস্থা সংকটজনক দেখি চিকিৎসকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

প্ৰত্যক্ষদৰ্শীৰমতে ভোগালীৰ আনন্দ উল্লাসত মতলীয়া হৈ AS-12-AH-2789 নম্বৰৰ অল্ট' কে-১০ বাহনখনৰ চালকে তীব্ৰ বেগত গাড়ী চলাই আহি ডাম্পাৰখনত প্ৰচণ্ড জোৰত খুন্দা মাৰে ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতে ডাম্পাৰখনৰ চালকে গৈ গাড়ীসহ জামুগুৰি আৰক্ষী থানাত হাজিৰ হোৱাৰ কথা সদৰি কৰে আৰক্ষীয়ে ৷