শোণিতপুৰ

নিয়ন্ত্রন হেৰুৱাই বাগৰি পৰিল বৰযাত্ৰী কঢ়িওৱা বাহন

Asomiya Pratidin
  • শোণিতপুৰৰ চাৰিদুৱাৰৰ শালবাৰীত সংঘটিত হৈছে ভয়ঙ্কৰ পথ দুৰ্ঘটনা।

  • নিয়ন্ত্রন হেৰুৱাই পথতে বাগৰি পৰিল এখন বৰযাত্ৰী কঢ়িওৱা বাহন।

  • দুৰ্ঘটনাটোত শিশু, মহিলাসহ আহত হয় ২০ জনতকৈ অধিক লোক।

  • চাৰিদুৱাৰৰ চটাইৰ পৰা গাৰোগাৱলৈ এ এছ -১২চি চি ৪২৭৪ নম্বৰৰ গাড়ীখনে বৰযাত্রী ৰূপে কঢ়িয়াই আনিছিল একাধিক লোকক।

  • দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা শিশু মহিলাক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে।