শোণিতপুৰ

ভেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত ৩জন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱতি নিশা শোণিতপুৰৰ ভেৰগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্রবেগী ট্রাক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত থিতাতে ৩ জন লোক নিহত হয়।

এই দুৰ্ঘটনাৰ ফলত জ্যোতিষ বাৰেক আৰু পূজা চাপৰ নিহত হোৱা বুলি জানিব পৰা গৈছে। আনহাতে এগৰাকী নিহতৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, পথ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে ফুলেশ্বৰী চবৰ, কুঞ্জল চবৰ, কাৰ্তিক চবৰ আৰু আৰমন ৰাজ। আহতসকলক ইতিমধ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।