তেজপুৰত দুই মালবাহী ট্ৰাকৰ ভয়ংকৰ দুৰ্ঘটনাঃ বহু সময় ধৰি বন্ধ ৰাষ্ট্ৰীয় ঘাইপথ..  
শোণিতপুৰ

তেজপুৰত দুই মালবাহী ট্ৰাকৰ ভয়ংকৰ দুৰ্ঘটনাঃ বহু সময় ধৰি বন্ধ ৰাষ্ট্ৰীয় ঘাইপথ..

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাই তেজপুৰ মেডিকেল কলেজৰ কাষত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তেজপুৰৰ পৰা মঙলদৈ অভিমুখী আৰু মঙলদৈৰ পৰা তেজপুৰ অভিমুখী দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা।

মালবাহী দুয়োখন ট্ৰাকৰ এই দুৰ্ঘটনাৰ পাছতেই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানজটৰ সৃষ্টি হয়। কিছু সময়ৰ বাবে বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথ। ইফালে দুৰ্ঘটনাৰ পাছতে ট্ৰাকতে বহু সময় আৱদ্ধ হৈ থাকে দুয়োখন ট্ৰাকৰ চালক।

যানবাহন আৰক্ষীয়ে তিনিখন হাইড্ৰলিক ব্যৱহাৰ কৰি ট্ৰাকৰ অংশ কাটিহে উদ্ধাৰ কৰে দুয়োজনকে। ইয়াৰ পিছতে গুৰুতৰভাৱে আহত দুয়ো চালককে তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক দুখনৰ নম্বৰ AS 25BC 4106 আৰু AP 27TX 5599 ।