বালিপৰাত পথ দুৰ্ঘটনাঃ এজনৰ মৃতদেহ উদ্ধাৰ, গুৰুতৰভাৱে আহত এজন... 
শোণিতপুৰ

বালিপৰাত পথ দুৰ্ঘটনাঃ এজনৰ মৃতদেহ উদ্ধাৰ, গুৰুতৰভাৱে আহত এজন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শোণিতপুৰ জিলাৰ বালিপৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পুৱাই উদ্ধাৰ হৈছে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা এজন ব্যক্তিৰ লগতে এজন আহত ব্যক্তিও।

জানিব পৰা মতে খোজ কাঢ়িবলৈ যোৱা কেইজনমান লোকে বালিপৰা-ভালুকপুঙপ পথত প্ৰত্যক্ষ কৰে দুজন ব্যক্তিক। ৰাজপথতে পৰি থকা দুই ব্যক্তিৰ ইতিমধ্যে দুৰ্ঘটনাত মৃত্যু হোৱাৰ বিপৰীতে আন এজন আহত অৱস্থাত আছে।

পাছত আৰক্ষীক খবৰ দিয়াত আহত যুৱকজনক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু নিহত ব্যক্তিজনকো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে, যুৱক দুজনক তেজপুৰৰ চটাইচাপৰি মগৰবস্তিৰ সৰ্জো ঘোষ আৰু ৰাহুল থাপা বুলি চিনাক্ত কৰা হৈছে।

ইফালে তেওঁলোক দুয়োৰে পৰা এটা স্কুটীৰ চাবিও উদ্ধাৰ কৰা হৈছে যদিও স্কুটিখন উদ্ধাৰ কৰিব পৰা নাই। সন্দেহ কৰা অনুসৰি তেওঁলোকক কোনো অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে।