শোণিতপুৰ

ৰঙাপৰাত বাইক আৰু মাৰুতী ভানৰ মাজত সংঘৰ্ষঃ আহত দুজন

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙাপৰাঃ দুৰ্গোৎসৱৰ উখল-মাখল পৰিবেশৰ মাজতে ৰঙাপৰাত সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাত দুজন যুৱক গুৰুতৰভাৱে আহত হয় ৷ AS12-L-7332 নম্বৰৰ বাইক আৰু AS12-W-4044 নম্বৰৰ মাৰুতি ভানৰ মাজত মুখামুখি সংঘৰ্ষত ৰঙাপৰা মহাবিদ্যালয় দুজন ছাত্ৰ আহত হয়৷

ৰঙাপৰা হনুমান মন্দিৰৰ সমীপত সংঘটিত দুৰ্ঘটনাত মহাবিদ্যালয়ৰ ডেভিদ গয়াৰী আৰু জনচন নাৰ্জাৰী নামৰ ছাত্ৰ দুজন গুৰুতৰ ভাবে আহত হয় ৷ ঢেকিয়াজুলিৰ পৰা ৰঙাপৰা মহাবিদ্যালয়লৈ আহি থকা সময়তে উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷ ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ আহত দুয়োজনক ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নি চিকিৎসাৰ ব্যৱস্থা কৰে ৷